ETV Bharat / state

Ajmal Foundation Job: বৰপেটাত আজমল ফাউণ্ডেচনৰ নিয়োগ সাক্ষাৎকাৰ

author img

By

Published : Nov 26, 2022, 3:57 PM IST

Updated : Nov 26, 2022, 4:35 PM IST

আজমল ফাউণ্ডেচনত (Ajmal Foundation) চাকৰিৰ বাবে বৰপেটাত হাজাৰোধিক যুৱকৰ ভিৰ ৷ বদৰুদ্দিন আজমল মালিকনাধীন বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সংস্থাত চাকৰিৰ বাবে শনিবাৰে বৰপেটাত সাক্ষাৎকাৰত অৱতীৰ্ণ হয় হাজাৰোধিক চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱক (Job in Ajmal Foundation) ।

Ajmal
Ajmal

বৰপেটা, ২৬ নৱেম্বৰ : আজমল ফাউণ্ডেচনত (Ajmal Foundation) চাকৰিৰ বাবে বৰপেটাত হাজাৰোধিক যুৱকৰ ভিৰ ৷ বদৰুদ্দিন আজমল মালিকনাধীন বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সংস্থাত চাকৰিৰ বাবে শনিবাৰে বৰপেটাত সাক্ষাৎকাৰত অৱতীৰ্ণ হয় হাজাৰোধিক চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱক (Job in Ajmal Foundation) ।

বৰপেটাত আজমল ফাউণ্ডেচনৰ নিয়োগ সাক্ষাৎকাৰ

উল্লেখ্য, আজমল ফাউণ্ডেচনৰ অধীনত খালী হৈ থকা প্ৰায় ৫ শতাধিক পদত নিয়োগৰ বাবে শনিবাৰে মুম্বাই আৰু হোজাই কাৰ্যালয়ৰ পৰা আজমল ফাউণ্ডেচনৰ কেইবাজনো বিষয়া উপস্থিত হৈ বৰপেটাত চাকৰি প্ৰাৰ্থী যুৱকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে (Ajmal Foundation recruitment interview in Barpeta) ৷

কেৱল পুৰুষ প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলক তিনি মাহৰ বাবে ইংৰাজী, হিন্দী, উৰ্দু আৰু আৰবী ভাষাৰ শিক্ষা প্ৰদানৰ লগতে ব্যৱসায়িক আৰু বিতৰণ সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷ ইয়াৰ পিচতে বিশ্বৰ ভিন্ন প্ৰান্তত থকা আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠানসমূহত নিবনুৱা যুৱকসকলক নিয়োগ কৰা হ'ব ৷ ৰাজ্যৰ এগৰাকী ৰাজনীতিবিদ হিচাপে পৰিচিত বদৰুদ্দিন আজমল (MP Badaruddin Ajmal) নেতৃত্বাধীন আজমল ফাউণ্ডেচনৰ অধীনত এনেদৰে ৰাজ্যৰ ৫ শতাধিক চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱকক সংস্থাপনৰ বাবে লোৱা উদ্যোগক প্ৰশংসা চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱকসকলৰ ৷

উল্লেখ্য, ৰাজ্যৰ লগতে দেশ তথা বিদেশৰ বিভিন্ন স্থানত আছে আজমল ফাউণ্ডেচনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান । প্ৰধানত সুগন্ধি দ্ৰৱ্যৰ ব্যৱসায় আছে দেশ তথা বিদেশৰ বিভিন্ন স্থানত । তাৰ উপৰি আজমল ফাউণ্ডেচনৰ অধীনত আছে কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান । আনহাতে, শেহতীয়াকৈ প্ৰতিষ্ঠিত 'আজমল ছুপাৰ ৪০' (Ajmal Super 40) নামৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিং চেণ্টাৰটোৱেও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ।

আজমল গ্ৰুপৰ উক্ত প্ৰতিষ্ঠানবোৰত নিযুক্ত হৈ আছে হাজাৰোধিক কৰ্মচাৰী । এককথাত ক'বলৈ হ'লে আজমল ফাউণ্ডেচনৰ নেতৃত্বাধীন প্ৰতিষ্ঠানবোৰে এক বিস্তৃত সংখ্যক নিয়োগ সৃষ্টি কৰি আহিছে । যাৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলৰ সোঁত বয় আজমল গ্ৰুপৰ নেতৃত্বাধীন বিভিন্ন প্ৰতিষ্ঠানত চাকৰি লাভৰ বাবে । বৰপেটাতো শুকুৰবাৰে তেনে এক পৰিৱেশেই পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Aircraft Security Rules 2022: বিমান সুৰক্ষা নিয়ম ২০২২ৰ খচৰা জাৰি

Last Updated : Nov 26, 2022, 4:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.