ETV Bharat / state

আজি পবিত্ৰ ঈদ: বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন

author img

By

Published : May 25, 2020, 11:50 AM IST

আজি পবিত্ৰ ঈদ-উল-ফিটৰ ৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে বাতিল কৰা হয় সমূহীয়া নামাজ ৷ আমচুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান, জনীয়া সমষ্টিৰ বিধায়ক ড0 হাফিজ ৰফিকুল ইছলাম আৰু উদালি ঈদগাহ ময়দানৰ সদস্যসকলেও সকলোকে ঈদৰ শুভেচ্ছা জনাই নিজ ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনায় ৷

ঈদ উপলক্ষ্যে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন
ঈদ উপলক্ষ্যে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন

নিউজ ডেস্ক, 25 মে’: আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। কিন্তু এইবাৰ কৰ’ণা মহামাৰীয়ে যেন ম্লান পেলাইছে ঈদৰ আনন্দত ৷ ঈদগাহ মৈদান, মছজিদত সমুহিয়া নামাজৰ পৰিৰ্বতে ঘৰে ঘৰে নামাজ পঢ়ি আল্লাৰ ওচৰত দোৱা মাগিছে মুছলমান লোকসকলে ৷ ঈদ উপলক্ষে সকলো ইছলামধৰ্মী লোকক শুভেচ্ছা জ্ঞাপন কৰে আমচুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে ৷ সকলোকে সামাজিক দুৰত্ব বজাই ৰাখি ঘৰতে পৰিয়ালৰ সৈতে ঈদৰ আনন্দ লবলৈ আহ্বান জনালে উপদেষ্টা ৰহমানে ৷ লখিমপুৰ জিলাৰ সকলো ঈদগাহ, মছজিদত ৩ৰ পৰা ৫ জন লোকহে একত্ৰিত হৈ নামাজ পঢ়া দেখা যায় ৷ কৰ’ণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সকলোকে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান আজিজুৰ ৰহমানৰ ৷

ঈদ উপলক্ষ্যে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন

ইফালে, বৰপেটাৰ জনীয়া সমষ্টিৰ বিধায়ক ড0 হাফিজ ৰফিকুল ইছলামে কলগাছিয়াৰ নিজ গৃহত পৰিয়ালৰ সৈতে ঈদৰ নামাজ পঢ়ে বুলি জানিবলৈ দিয়ে ৷ সমগ্ৰ অসমৰ লগতে বৰপেটা আৰু জনীয়াবাসীক ঈদৰ শুভেচ্ছা জনাই বৃহত্তৰ কলগাছিয়া অঞ্চলৰ লোকসকলক সামাজিক ব্যৱধান মানি নিজ নিজ ঘৰতেই নামাজ পঢ়িবলৈ আহ্বান জনায় বিধায়ক ড0 হাফিজ ৰফিকুল ইছলামে ৷

আনহাতে, হোজাই জিলাতো বাতিল কৰা হ’ল সমূহীয়া নামাজ ৷ পূৰ্বৰ দৰে উদযাপিত নহল ঈদ ৷ সমগ্ৰ দেশৰ লগতে হোজাই জিলাৰ ঈদগাহ তথা মছজিদ কমিটীসমূহে বাতিল কৰিছে মছজিদসমূহত সমূহীয়া নামাজ ৷ হোজাইৰ ঈদগাৰসমূহ যেন পৰিৱৰ্তিত হৈছে হাবি-জংঘললৈ ৷ ঈদগাহ পৰিচালনা কৰা লোকসকলৰ মাজত নাই কোনো উৎসাহ-উদ্দীপনা ৷

লগতে পঢ়ক: নগাঁৱত জীৱন্তে জ্বলাই হত্যা মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.