জনীয়াত এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী সভা - ৰাইজক এন আৰ চিৰ পক্ষত ভোটদান কৰিবলৈ আহব্বান
কালগাছিয়াত এ আই ইউ ডি এফৰ শক্তি প্ৰৰ্দশন ৷ ৰাইজক এন আৰ চিৰ পক্ষত ভোটদান কৰিবলৈ আহব্বান ৷ তৰুণ গগৈক এন আৰ চি বিৰোধী আখ্যা দিলে বিধায়ক আমিনুল ইছলামে ৷
![জনীয়াত এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4742028-thumbnail-3x2-gfgs.jpg?imwidth=3840)
জনীয়া, 13 অক্টোবৰ: অহা 21 অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত হ'ব লগা উপ-নিৰ্বাচনক লৈ এতিয়া আকৰ্ষণীয় হৈ পৰিছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে জনীয়া সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ হৈ কলগাছিয়াত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই দলটোৱে ৷ মুঠৰ ওপৰত আগন্তুক উপ-নিৰ্বাচনৰ বাবে জনীয়াত দেওবাৰে শক্তি প্ৰদৰ্শনৰে কলগাছিয়া মৰাপাট বজাৰত এক বিশাৰ জনসভাৰ আয়োজন কৰে এ আই ইউ ডি এফ দলে ৷ খন্দকাৰ জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশাল সভাত উপস্থিত হৈ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷
সভাত নিজৰ ভাষণত ইছলামে কয় যে, ডিটেনশ্বন কেম্পত বন্দী হৈ থকা বৈধ ভাৰতীয় সকলক চুক্তি সাপেক্ষে মুকলাই দিয়াৰ কথা আছিল যদিও কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ বিৰোধীতাৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাই, কিয়নো ৰিপুন বৰাই কোনো পাপ নকৰাকৈ ডিটেনশ্বন কেম্পত নৰকৰ যন্ত্ৰণা ভোগা লোকৰ দুৰ্দশা নুবুজে ৷ ইফালে সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো তীব্ৰ সমালোচনা কৰে আমিনুল ইছলামে ৷ এন আৰ চিত সংখ্যালঘু মানুহৰ নাম অহাৰ কাৰণেই তৰুণ গগৈয়ে এন আৰ চিক পেলনীয়া কাগজৰ সৈতে তুলনা কৰাৰ অভিযোগ কৰে ধিং সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়কগৰাকীয়ে ৷ তাৰোপৰি কংগ্ৰেছ ক্ষমতালৈ আহিলে এন আৰ চি বাতিল কৰিব বুলিও ৰাইজক অৱগত কৰে আমিনুল ইছলামে ৷ ইছলামৰ এই আৱেগিক ভাষণত বিশাল জনসভাত উপস্থিত একাংশ ৰাইজক চকুলোও টুকা দেখিবলৈ পোৱা যায় ৷
ইফালে নিজৰ ভাষণত জনীয়া সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে কয় যে তেও টুপি পিন্ধা-ডাঢ়ি ৰখাক লৈ কংগ্ৰেছৰ এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁক উপলুঙা কৰিছে কিন্তু তথাপিও তেওঁ দাড়ি থকা টুপি পিন্ধা মানুহৰ ন্যায়ৰ পক্ষত সদায় যুজঁ দি যাব ৷ সভাত সুন্দৰদিয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য মাফিজুলৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতা কৰ্মীয়ে অনুষ্ঠানিক ভাৱে কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফ দলত যোগদান কৰে ৷
Anchor: জনীয়াৰ কলগাছিয়াত এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। এন আৰ চিৰ পক্ষত ইউ ডি এফক ভোট দিবলৈ ৰাইজক আহ্বান। এন আৰ চি বিপক্ষে বিৰুপ মন্তব্য কৰাৰ বাবেই কংগ্ৰেছ প্ৰাৰ্থীৰ বেনাৰ পোষ্টৰত ফটো নাই তৰুণ গগৈৰ। এই মন্তব্য ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ।Body:slug: as_jania_13oct_aiudf_election_meeting_vis3+byt2+pho1_story_asc10058
VO: আকৰ্ষণীয় হৈ পৰিছে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন। দেওবাৰে জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া মৰা পাট বজাৰত খন্দকাৰ জাকিৰ হুছেইনৰ সভাপতিত্বত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। ইছলামে উল্লেখ কৰা অনুসৰি ডিটেনশ্বন কেম্পত বন্ধী হৈ বৈধ ভাৰতীয়ক চুক্তি সাপেক্ষে মুকলাই দিয়াৰ কথা আছিল যদিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিৰোধিতা কৰাৰ কাৰণে সেইটো সম্ভৱ হৈ উঠা নাই। কোলাৰ ১৬ দিনৰ কেচুৱা বিচনাত পেলাই থৈ কোনো পাপ নকৰাকৈ মাতৃ সন্তানৰ মা মাত শুনাৰ পৰা বঞ্চিত হৈ ডিটেনশ্বন কেম্পত নৰকৰ যন্ত্ৰণা ভোগাও কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ হৃদয় চুব পৰা নাই। এন আৰ চিত সংখ্যালঘু মানুহৰ নাম অহাৰ কাৰণেই এন আৰ চিক তৰুণ গগৈয়ে পেলনীয়া কাগজৰ লগত তুলনা কৰাৰ লগতে দূৰ্ভাগ্যজনক ভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে অসম খনক ইছলামিক ৰাজ্য বনাবলৈ গৈ আছে নেকি বুলি প্ৰশ্ন তোলে। তাৰোপৰি কংগ্ৰেছে পুনৰ ক্ষমতালৈ আহিলে এন আৰ চি বাতিল কৰিব বুলি তৰুণ গগৈয়ে ৰাইজক অৱগত কৰে। আমিনুল ইছলামৰ আবেগিক ভাষনত সভাত উপস্থিতত একাংশ ৰাইজক চকুলো টুকা দেখা যায়। ইউ ডি এফ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে কয় যে তেওঁ টুপি পিন্ধে দাড়ি ৰাখিছে তাকলৈ কংগ্ৰেছৰ এগৰাকী বিশেষ ব্যক্তিয়ে উপলুঙা কৰিছ। কিন্তু তেওঁ কয় যে দাড়ি থকা টুপি পিন্ধা মানুহৰ ন্যায়ৰ পক্ষত যুঁজ দি যাব আৰু তেওঁ টুপি নোখোলে আৰু দাড়ি নাকাটে। সভাত কংগ্ৰেছ দলৰ সুন্দৰদিয়া জিলা পৰিষদৰ সদস্য মাফিজুলৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতা কৰ্মী কংগ্ৰেছ ত্যাগ কৰি ইউ ডি এফত যোগদান কৰে।Conclusion:slug: as_jania_13oct_aiudf_election_meeting_vis3+byt2+pho1_story_asc10058
Byte: ইউ আই ডি এফ প্ৰাৰ্থী ৰফিকুল ইছলাম দলৰ কেন্দ্ৰীয় সম্পাদক আমিনুল ইছলামৰ মন্তব্য।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।