ETV Bharat / state

জনীয়াত উপ-নিৰ্বাচনৰ গৰম বতাহঃ সমান্তৰালকৈ চলিছে কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Oct 11, 2019, 11:14 PM IST

জনীয়া সমষ্টিৰ লাংলাত বিজেপিৰ নিৰ্বাচনী সভাৰ পিছত অনুষ্ঠিত হয় কংগ্ৰেছৰ সভা । কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ।

জনিয়া সমষ্টিৰ উপ-নিৰ্বাচনঃকংগ্ৰেছৰ নিৰ্বাচনী ৰণশিঙা

বৰপেটা, 11 অক্টোবৰঃ জনীয়া সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বতাহ ক্ৰমাৎ গৰম হ'বলৈ আৰম্ভ কৰিছে । প্ৰতিটো দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভিৰ কৰিছে বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দলীয় ৰথী-মহাৰথী সকলে । শুকুৰবাৰে জনীয়াৰ লাংলাৰ সাপ্তাহিক বজাৰত বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যোৱাৰ পিছত দিনৰ ১ বজাৰ পৰা আৰম্ভ হয় কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ আন এখন নিৰ্বাচনী সভা । কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে জনীয়া সমষ্টিৰ লাংলাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বৰপেটা লোক সভা সমষ্টিৰ সদ্য নিৰ্বাচিত সাংসদ আব্দুল খালেকে ।

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ভাষণ প্ৰসংগত এ আই ইউ ডি এফ আৰু বিজপিক তীব্ৰ সমালোচনা কৰি কয় যে, জনীয়াত আজমলৰ দলৰ প্ৰাৰ্থীক সহায় কৰিবলৈহে বিজেপিয়ে তৌফিকুৰ ৰহমানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । তদুপৰি কংগ্ৰেছৰ প্ৰদেশ সভাপতিগৰাকীয়ে কয় যে, জনীয়াত বিজেপি প্ৰাৰ্থীজনৰ জয়ৰ কোনো সম্ভাৱনা নাই ৷ তেনেস্থলত এজন আমদানিকৃত গৰিয়া সম্প্ৰদায়ৰ মুছলমান নেতাক জয়ী হ'ব পৰা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান নকৰি বিজেপিয়ে পুনৰ সম্প্ৰদায়টোক প্ৰতাৰণা কৰিলে ৷ সভাপতি বৰাই বিজেপিয়ে নিৰ্বাচনত পাঁচশ আৰু হেজাৰ টকাৰ উপঢৌকন দি ভোট লোৱাৰ অভিযোগ তুলি ৰাইজক তেনে ষড়যন্ত্ৰত ভৰি নিদি নিজৰ জাতি, ধৰ্ম আৰু পৰিয়ালক ৰক্ষা কৰাৰ আহ্বান জনোৱাৰ লগতে তৌফিকুৰ ৰহমানক জনীয়াত প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজেপিয়ে ললী পপ খোৱাইছে বুলিও তাচ্ছিল্য কৰে ।

আনহাতে নিৰ্বাচনী প্ৰচাৰ মঞ্চৰ পৰা নামি আহি মাইক্ৰফোন হাতত লৈ ৰাইজৰ মাজত সোমাই গৈ নাটকীয় ভংগিমাৰে ভাষণৰ জৰিয়তে ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে সাংসদ আব্দুল খালেকে । সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত সমষ্টিটোত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷

আৰু পঢ়ক

Intro:slug: as_jania_11oct_congress_election_meeting_vis4+byt1+pho1_story_asc10058

Anchor: জনীয়া সমষ্টিৰ লাংলাত বিজেপিৰ নিৰ্বাচনী সভাৰ পিছত অনুষ্ঠিত হয় কংগ্ৰেছৰ সভা। কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।Body:slug: as_jania_11oct_congress_election_meeting_vis4+byt1+pho1_story_asc10058

VO-1: জনীয়া সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বতাহ ক্ৰমাৎ গৰম হ'বলৈ আৰম্ভ কৰিছে। প্ৰতিটো দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভিৰ কৰিছে দলৰ ৰথী-মহাৰথী। আজি জনীয়াৰ লাংলাৰ সাপ্তাহিক বজাৰত বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যোৱাৰ পিছত দিনৰ ১ বজাৰ পৰা আৰম্ভ হয় কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ আন এখন নিৰ্বাচনী সভা। কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে জনীয়া সমষ্টিৰ লাংলাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বৰপেটা লোক সভাৰ সাংসদ আব্দুল খালেকে। এই নিৰ্বাচনী সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ছামছুল হকে তেওঁৰ ভাষণ প্ৰসংগত AIUDF ৰ প্ৰাৰ্থী ড° হাফিজ ৰফিকুল ইছলামে লোৱা ডক্টৰেট ডিগ্ৰী ছামছুল হকে আগতেই ল'ব পাৰিলেহেঁতেন, কিন্তু সংখ্যালঘু আন্দোলনত জড়িত থকাৰ বাবে ল'ব পৰা নাই বুলি মন্তব্য কৰে। ইফালে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ভাষণ প্ৰসংগত AIUDF আৰু বিজপিক তীব্ৰ সমালোচনা কৰি কয় যে, জনীয়াত AIUDF প্ৰাৰ্থীক জয়ী কৰিবলৈ বিজেপিয়ে তৌফিকুৰ ৰহমানক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। সভাপতি বৰাই পাঁচ শ আৰু হেজাৰ টকাত ভুল নগৈ নিজৰ জাতি,ধৰ্ম আৰু পৰিয়ালক ৰক্ষা কৰাৰ আহ্বান জনোৱাৰ লগতে তৌফিকুৰ ৰহমানক জনীয়াত প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজেপিয়ে ললী পপ খোৱাইছে বুলিও তাচ্ছিল্য কৰে। আনহাতে নিৰ্বাচনী প্ৰচাৰ মঞ্চৰ পৰা নামি আহি মাইক্ৰ ফোন হাতত লৈ ৰাইজৰ মাজত সোমাই গৈ নাটকীয় ভংগিমাৰে ভাষনৰ জৰিয়তে ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে সাংসদ আব্দুল খালেকে।Conclusion:slug: as_jania_11oct_congress_election_meeting_vis4+byt1+pho1_story_asc10058

Byte: সাংসদ আব্দুল খালেকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.