পাঠশালা,9 আগষ্টঃ মণিপুৰৰ চাণ্ডেল জিলাত 29 জুলাইত এক সংঘৰ্ষত আছাম ৰাইফলছত কৰ্মৰত হাবিলদাৰ প্ৰণয় কলিতাসহ আছাম ৰাইফলছৰ তিনিজন জোৱান শ্বহীদ হয় । পাছত তেওঁৰ বৰপেটাৰ পাঠশালাস্থিত বাসগৃহত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে শ্বহীদ গৰাকীক মাল্যৰ্পণ কৰে ৷
ঠিক একেদৰে দেওবাৰে বজালীৰ শ্বহীদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ৷ দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ উপস্থিত হৈ তেওঁ শ্বহীদৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইফালে পৰিয়ালৰ সতে মত বিনিময় কৰি শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে l ইয়াৰ পিছতে পৰিয়ালৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় অতুল বৰাই ৷
আনহাতে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পৰিয়ালৰ কোনো লোকক যদি চাকৰি দিয়াৰ কথা চিন্তা কৰা হয় তেন্তে মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগতেই নিযুক্তি দিব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷
লগতে পঢ়ক- ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি পালন