ETV Bharat / state

কৃষকৰ সুবিধাৰ বাবে কৃষি সা-সজুঁলি ভাড়া দিয়া কেন্দ্ৰ স্থাপন

author img

By

Published : Sep 2, 2020, 8:58 PM IST

কৃষকৰ সুবিধা হোৱাকৈ সৰভোগত স্থাপন কৰা হৈছে এটা কৃষি সা-সঁজুলি ভাড়া দিয়া কেন্দ্ৰ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ দাসে ৷ ইয়াৰ দ্বাৰা কৃষকসকল উপকৃত হ’ব বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ৷

Ranjit das
Ranjit das

বৰপেটাৰোড, 2 ছেপ্তেম্বৰ : সৰভোগত স্থাপন কৰা কৃষি সা-সঁজুলি ভাড়া দিয়া এটা কেন্দ্ৰ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ এই কেন্দ্ৰটোৰ জৰিয়তে সৰভোগৰ কৃষক ৰাইজে বীজ আৰু সাৰ ছটিওৱা যন্ত্ৰ,নিৰনি ও শস্য কটা যন্ত্ৰ, ড্ৰাম ছীডাৰ, ধান বনা যন্ত্ৰ, জীৰৌ টিলেজ পদ্ধতিত বীজ ৰোপণ যন্ত্ৰ, ধান চপোৱা যন্ত্ৰ, ধান ৰোপণ যন্ত্ৰ, আলু ৰোৱা যন্ত্ৰ, বীজ আৰু সাৰ ছটিওৱা যন্ত্ৰ আদি ভাড়াত লৈ খেতি কাৰ্যত ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷

কৃষকৰ সুবিধাৰ বাবে সা-সজুঁলি ভাড়া দিয়া কেন্দ্ৰ স্থাপন

ইয়াৰ লগতে বিভিন্ন সময়ত একাংশ দুষ্ট চক্ৰই সাংবাদিকক আক্ৰমণ কৰা সন্দৰ্ভত সভাপতি ৰণজিৎ কুমাৰ দাসক সোধা প্ৰশ্নৰ উত্তৰত সাংবাদিকক আক্ৰমণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি তেওঁ কয় সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সাংবাদিক সকলৰ পেঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে সাংবাদিক সকলক বিভিন্ন দিশত যথোপযুক্ত সন্মান আগবঢ়াইছে । উদ্বোধনী অনুষ্ঠানত বৰপেটা জিলাৰ জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা,বৰপেটা জিলা কৃষি বিষয়া প্ৰফুল্ল বৰগোহাঁই আৰু জ্যেষ্ঠ বৈজ্ঞানিক ডক্টৰ এ কে ডেকা উপস্থিত থাকে ৷

সোণোৱাল চৰকাৰে যথোপযুক্ত সন্মান দিছে সাংবাদিকক

লগতে পঢ়ক : লেঙেৰীজান চাহ বাগিছাৰ নিৰ্মাণৰত কলনীৰ কাম-কাজ পৰিদৰ্শন জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.