ETV Bharat / state

আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা: অতুল বৰা

author img

By

Published : Jan 5, 2021, 4:50 PM IST

Updated : Jan 5, 2021, 4:58 PM IST

বৰপেটাত মঙলবাৰে অনুষ্ঠিত হয় অগপৰ ঐক্য সমাৰোহ ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত ঐক্য সমাৰোহত অগপৰ সভাপতি অতুল বৰা,ফনী ভূষণ চৌধুৰীকে ধৰি অগপৰ মহিলা পৰিষদ,যুৱ পৰিষদৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷

agp meeting at Barpeta
আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰসন্থা: অতুল বৰা

বৰপেটা,৫ জানুৱাৰী: মঙলবাৰে বৰপেটাত অনুষ্ঠিত হোৱা অগপৰ ঐক্য সমাৰোহত দলটোৰ বৃহৎসংখ্যক মহিলা কৰ্মীৰ লগতে ভালে সংখ্যক সমৰ্থকৰ লগত অতুল বৰাকে ধৰি ফনী ভূষণ চৌধুৰী উপস্থিত থাকে ৷ বিশাল ঐক্য সন্মিলনত অংশগ্ৰহন কৰি অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই কয় যে,আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব সদৌ অসম ছাত্ৰ সন্থা ৷ আছুত যাতে দলীয় ৰাজনীতিৰ চেকা নালাগে সেই বিষয়ত আছুত থকা সময়ত সচেতন আছিলো ৷ ছাত্ৰ সন্থাই আঞ্চলিকতাবাদত বিশ্বাস কৰে যদিও দলীয় ৰাজনীতিৰ উৰ্দ্ধত কাম কৰে ৷

এতিয়া দলীয় ৰাজনীতিৰ সৈতে পোনপোটীয়াভাৱে সাঙেৰ খাই পৰিছে ছাত্ৰ সন্থা ৷ আনকি ৰাজনৈতিক দলসমুহৰ ছাত্ৰ সংগঠন থকাৰ দৰে ছাত্ৰ সন্থাও এতিয়া ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ লেখীয়া হৈ পৰাৰ লগতে ইয়াৰ দ্বাৰা আঞ্চলিকতাবাদৰ ভেটিতো দুৰ্বল কৰিব বুলি মন্তব্য কৰে ৷ লগতে আছুৰ পূৰ্বৰ জাতীয় সংগঠনৰ মৰ্যাদা নাথাকিব বুলিও প্ৰকাশ কৰে অগপৰ সভাপতি অতুল বৰাই ৷

আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা: অতুল বৰা

ছাত্ৰসন্থাই অগপক কৰা সমালোচনাক এতিয়া আৰু সহ্য কৰা নহ'ব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰি অনাগত দিনত ছাত্ৰ সন্থা আক্ৰমণৰ লক্ষ্য হৈ পৰিব বুলি হুংকাৰ দিয়ে ৷ আনহাতে অতুল বৰাই কংগ্ৰেছ-এআইইউডিএফক তীব্ৰভাৱে সমালোচনা কৰি ২১ৰ নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷ ইয়াৰ লগতে ঐক্য সমাৰোহত জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীয়ে অংশগ্ৰহম কৰি ভাষণ প্ৰদান কৰাৰ লগতে গীত পৰিৱেশন কৰে ৷

লগতে পঢ়ক: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ভাৰত-ভূটান সীমান্তৱৰ্তী ৰাইজ

Last Updated : Jan 5, 2021, 4:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.