বৰপেটা, 21 এপ্ৰিল : বঙহৰ বিৰুদ্ধে বঙহৰ যুঁজ অগপত ৷ যিসময়ত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু জাবেদ ইছলামে শেষ নিৰ্বাচনী প্ৰচাৰেৰে ৰাইজৰ সমৰ্থন আদায়ৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে, তেনে সময়তে বৰপেটা আৰু ধুবুৰীৰ অগপ প্ৰাৰ্থী দুগৰাকীৰ বিৰুদ্ধে থিয় হ'ল অগপৰে একাংশ নেতা-কৰ্মী ৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থক বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ বাবেই শনিবাৰে অগপ নেতা ডঃ অশ্বিনী কুমাৰ মহন্তৰ নেতৃত্বত অগপৰ একাংশ নেতা কৰ্মীয়ে দেশ আৰু জাতিৰ স্বাৰ্থত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু জাবেদ ইছলামক ভোট নিদিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ অগপক পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত অগপ নেতা ডঃ অশ্বিনী কুমাৰ মহন্তই বৰপেটা প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি কুমাৰ দীপক দাস আৰু জাবেদ ইছলামক বৰ্জন কৰিবলৈ আহ্বান জনায় ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা যিকোনো প্ৰাৰ্থীকে ভোট প্ৰদানৰো আহ্বান জনায় তৃণমূল পৰ্যায়ৰ অগপ নেতাকৰ্মীয়ে ৷