নিউজ ডেস্ক, 14 অক্টোবৰ : অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে নলবাৰী জিলাতো অগপৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় । অগপ নেতা দীলিপ দাসকে ধৰি প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ কুমাৰ দীপক দাসকে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ।
ইফালে প্ৰতিষ্ঠা দিৱসৰ দিনটোত অগপ নেতা দীলিপ দাসে কয় যে, 2016 চনৰ বিধানসভা নিৰ্বাচনত নলবাৰীৰ তিনিখনকৈ আসন মিত্ৰজোঁট বিজেপিৰ বাবে এৰি দিয়া হৈছিল ৷ লগতে, আগন্তক নিৰ্বাচনত নলবাৰী সমষ্টি অগপক দিয়াৰ বাবে দাৱী জনাই নেতা গৰাকীয়ে ।
প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসেও অগপ দলৰ ভেঁটি শক্তিশালী হ'বলৈ হ’লে নলবাৰী শক্তিশালী কৰিবই লাগিব বুলি মন্তব্য প্ৰদান কৰে । ইতিমধ্যে,অগপ দলে নলবাৰী সমষ্টি নিজৰ হাতত ৰখাৰ চেষ্টা চলাইছে বুলি জনাই অগপৰ প্ৰাক্তন সাংসদ গৰাকীয়ে । লগতে, কয় যে আঞ্চলিক শক্তি ভাগ ভাগ হলে অসমৰে ক্ষতি হ'ব ।
লগতে পঢ়ক : বিহাৰ নিৰ্বাচন: আজি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব কংগ্ৰেছে
আনহাতে, অসম গণ পৰিষদৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস বৰপেটা অগপৰ সমষ্টি সমিতিয়ে পালন কৰে ৷ বৰপেটা চহৰৰ তৰুণৰাম ফুকন সভাগৃহত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ লগতে বৃহৎ সংখ্যক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
বিভিন্ন কাৰ্যসূচীৰে পালন কৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অসম আন্দোলনৰ 15 গৰাকী নিৰ্যাতিতাক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে, অসম আন্দোলনত নিৰ্যাতিত তিনিগৰাকী ব্যক্তিক মৰণোত্তৰভাৱে সন্মান জনোৱা হয় ৷ ইপিনে, বৰপেটা সমষ্টিত AJP বা ৰাইজৰ দলে অগপক কোনো ধৰণৰ ক্ষতি নকৰে বুলি প্ৰকাশ কৰে বৰপেটা সমষ্টি সমিতিৰ সভাপতি ধনজিৎ পাঠকে ৷ তেওঁৰ মতে, বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ এক বিশেষ ভাৱমূৰ্তি আছে আৰু সমষ্টিৰ সকলো মানুহৰ মাজতেই অতিকৈ জনপ্ৰিয় ৷ সেয়ে কোনো লোকে নতুন দলক সমৰ্থন কৰিলেও সমষ্টিটো দখলৰ স্বাৰ্থত তেওঁলোকে শেষত গৈ সমষ্টিৰ ৰাইজে অগপকেই ভোট দিব বুলি মন্তব্য প্ৰদান ৷
আনহাতে, কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই বৰপেটাত অগপক লাভৱান কৰিব বুলি মন্তব্য কৰে অগপ নেতাগৰাকীয়ে ৷ তেওঁৰ মতে টিকট কেন্দ্ৰীক সংঘাতৰ ফলতেই আগন্তুক 21 ৰ নিৰ্বাচনত বৰপেটাত অগপ প্ৰাৰ্থী গৰাকীয়েই জয়ী হব ৷
লগতে পঢ়ক : অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক
ইফালে, জনীয়া বিধান পৰিষদ ভিত্তিত জনীয়া সত্ৰৰ পেক্ষাগৃহত অসম গণ পৰিষদ দলৰ 36 তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । দলৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত কেন্দ্ৰীয় পৰ্যবেক্ষক মৃণাল কলিতা উপস্থিত থাকে । 11 বজাত জনীয়া বিধান পৰিষদৰ সভাপতি কলিম উদ্দিনৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে কৰে সম্পাদক আব্দুল মান্নানে । সভাত অগপ দলৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।
লগতে পঢ়ক : ৩৭০ নং অনুচ্ছেদৰ সংশোধন এক অবৈধ আৰু অগণতান্ত্ৰিক সিদ্ধান্ত আছিল: মেহবুবা মুফ্টী