ETV Bharat / state

ৰাজ্যজুৰি উকীল সন্থাৰ প্ৰতিবাদ

author img

By

Published : Dec 20, 2019, 4:04 PM IST

ৰাজ্যজুৰি উকীল সন্থাৰ প্ৰতিবাদ ৷ গুৱাহাটীত অসম উকীল সন্থাৰ কার্যালয়ৰ পৰা ৰাজভৱনলৈ শতাধিক উকীল ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি এক সমদল বাহিৰ কৰে ।

ADVOCATE PROTEST  all over assam
ৰাজ্যজুৰি উকীল সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, 20 ডিচেম্বৰঃ নাগৰিকত্ব আইনে জোকাৰণি তুলিছে সমগ্ৰ দেশত ৷ দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদে ব্যাপক হিংসাত্মক ৰূপ ধাৰণ কৰাৰ বিপৰীতে অসমত অব্যাহত গণতান্ত্ৰিক প্ৰতিবাদ ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল সদৌ অসম উকীল সন্থা ৷ গুৱাহাটীত অসম উকীল সন্থাৰ কার্যালয়ৰ পৰা ৰাজভৱনলৈ শতাধিক উকীল ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি এক সমদল বাহিৰ কৰে।

ৰাজ্যজুৰি উকীল সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি উকীল সন্থাই বিভিন্ন চৰকাৰ বিৰোধী আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। অসমীয়া ৰাইজ কোনো কাৰণতে এই বিতৰ্কিত আইন মানি নলয় বুলি মন্তব্য প্ৰকাশ কৰি উকীলসকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। উকীল সকলৰ এই প্ৰতিবাদী সমদলৰ ফলত ৰাজভৱনলৈ যোৱা পথত তীব্ৰ যানজটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । প্ৰতিবাদী সমদল উলিয়াই কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যপালৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

ৰাজ্যজুৰি উকীল সন্থাৰ প্ৰতিবাদ

নগাঁওঃ নগাঁৱতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত কঁপালে নগাঁও উকীল সন্থাই ৷ নগাঁও উকীল সন্থাৰ কাৰ্যালয়ৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এই প্ৰতিবাদী সমদল। নগাঁও উকীল সন্থাৰ অধিবক্তাসকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলত এই আইন বাতিলৰ দাবীত বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। তেওঁলোকে উল্লেখ কৰে যে সংশোধিত নাগৰিকত্ব আইনে অসমীয়া ভাষা,সংস্কৃতি বিপদাপন্ন কৰিব। আনহাতে নগাঁও উকীল সন্থাৰ সাতজনীয়া অধিবক্তাৰ এটা দলে নিজাববীয়াকৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজহুৱা স্বাৰ্থজনিত আবেদনো দাখিল কৰিছে ৷

নগাঁৱত উকীল সন্থাৰ প্ৰতিবাদ

তেজপুৰঃ তেজপুৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উলিওৱা হয় বৃহৎ প্ৰতিবাদী সমদল ৷ প্ৰতিবাদকাৰী উকীলসকলে জিলা উপায়ুক্তৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতি লৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ দিয়াৰ বাবে নিৰাপত্তাৰক্ষীয়ে উপায়ুক্তক লগ কৰিবলৈ নিদিয়াত প্ৰতিবাদীসকলৰ লগত ঠেলা হেঁচা প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। পিচত উকিল সন্থাৰ দাবীত 5 জন প্ৰতিবাদী উকীলক উপায়ুক্তক লগ কৰিবলৈ অনুমতি দিয়া হয় ।

গুৱাহাটীত উকীল সন্থাৰ প্ৰতিবাদ

বৰপেটাঃ ইফালে বৰপেটাতো সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ন্যায়ালয়ৰ মজিয়া এৰি এইবাৰ ৰাজপথত প্ৰতিবাদত নামিল বৰপেটা উকীল সন্থা ৷ অসমীয়া জাতি,মাটি,ভাষা,সংস্কৃতি ৰক্ষাৰ বাবে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত বৰপেটা উকীল সন্থাই ন্যায়ালয়ৰ সকলো কাম-কাজ এৰি জাতিৰ প্ৰতি নাগৰিকত্ব আইনে কঢ়িয়াই অনা বিপদৰ পৰা পৰিত্ৰাণৰ বাবে আজি এনেদৰে বৃহৎ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। বৰপেটাৰ প্ৰায় পাঁচ শতাধিক অধিবক্তাই জাতিধ্বংসী নাগৰিকত্ব আইনখন বাতিলৰ দাবীত বিভিন্ন শ্ল’গান আওৰাই বৰপেটাৰ ৰাজপথ উত্তাল কৰি তোলে ৷ বৰপেটা চহৰৰ মুল পথসমুহৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবী জনায় । সংশোধিত নাগৰিকত্ব আইন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদী আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে বৰপেটা উকীল সন্থাই।

লগতে চাওকঃৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ নেতৃবৰ্গৰ

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত উকীল সন্থাৰ প্ৰতিবাদ।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুক্ৰবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ উকীল সন্থাই। নগাওঁ উকীল সন্থাৰ কাৰ্য্যালয়ৰ পৰা নগাওঁ চহৰৰ মাজেৰে উলিওৱা হয় প্ৰতিবাদী সমদল। নগাওঁ উকীল সন্থাৰ অধিবক্তাসকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলত আমি কা নামনো, কা বাতিল কৰক আদি শ্ল' গানেৰে উত্তাল কৰি তোলে। অধিবক্তাসকলৰো দাবী সংশোধিত নাগৰিকত্ব আইনে অসমীয়া ভাষা, সংস্কৃতি বিপন্ন কৰিব। নগাওঁ উকীল সন্থাৰ সাতজনীয়া অধিবক্তাৰ এটা দলে নিজাববীয়াকৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজহুৱা স্বাৰ্থজনিত আবেদনো দাখিল কৰিছে।
bite-
-----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৯-১২-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.