ETV Bharat / state

পাঠশালাত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰৰ জন্মদিন পালন

author img

By

Published : Jul 9, 2021, 10:48 PM IST

ক'ভিড সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে 'আৱাহন থিয়েটাৰ' শিবিৰত অনুষ্টুপীয়াকৈ পালন কৰা হয় ভ্ৰাম্যমান থিয়েটাৰৰ জন্মদাতা প্ৰয়াত অচ্যুত লহকৰৰ 91 সংখ্যক ওপজা দিন ৷ তেখেতলৈ অনতিপলমে মৰণোত্তৰভাবে ৰাষ্ট্ৰীয় বঁটা তথা সন্মান প্ৰদান কৰিবলৈ দাবী জনাইছে গুণমুগ্ধ সকলে ৷

achyut-lahkars-birthday-celebrated-at-pathshala
পাঠশালাত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰৰ জন্মদিন পালন

পাঠশালা, 9 জুলাই : ৰাজ্যজুৰি অব্যাহত থকা ক'ভিড আতংকৰ মাজতে নাট্যনগৰী পাঠশালাত অনুষ্টুপীয়াকৈ পালন কৰা ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰৰ উপজা দিন ৷ প্ৰতিকূল বতৰ আৰু মহামাৰী কৰ'ণা সৃষ্ট ভয়াৱহ পৰিবেশৰ মাজতে শুকুৰবাৰে 'আৱাহন থিয়েটাৰ' শিবিৰত পালন কৰা হয় অচ্যুত লহকৰৰ জন্মদিন ৷ প্ৰয়াত অচ্যুত লহকৰৰ 91 সংখ্যক ওপজা দিনটো অনুষ্টুপীয়াকৈ পালন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে একাংশ গুণমুগ্ধই ৷ লগতে অচ্যুত লহকৰক অনতিপলমে মৰণোত্তৰভাৱে ৰাষ্ট্ৰীয় বঁটা তথা সন্মান প্ৰদান কৰিবলৈ আৰু তেওঁৰ প্ৰতিমূৰ্তিৰ কাম শীঘ্ৰে সমাপন কৰাৰ বাবে দাবী জনাই গুণমুগ্ধ সকলে ৷

উল্লেখ্য যে, জীৱনৰ 40 টাকৈ বছৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে আগবঢ়াই তথা অশেষ কষ্ট সাধন কৰি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নটৰাজ থিয়েটাৰৰ জন্ম দিছিল অচ্যুত লহকৰে ৷ প্ৰায় ছটা দশক পূৰ্বে এইগৰাকী ব্যক্তিৰ অশেষ ত্যাগ, অদম্য সাহস আৰু সু-নেতৃত্বৰ বলতে পাঠশালাত যাত্ৰা পাৰ্টিৰ পৰা 'নটৰাজ থিয়েটাৰ'ৰ ৰূপত জন্ম লাভ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰে ৷ কিন্তু চাৰি বছৰ পূৰ্বে 2016 চনৰ 12 জুনত জীৱন নাটৰ সামৰণি মাৰি ইহ সংসাৰৰ পৰা চিৰ বিদায় লৈছিল ভ্ৰাম্যমাণৰ মহীৰূহ গৰাকীয়ে ৷ জন্ম দিনটোত শিল্পী গৰাকীক ৰাজ্যৰ বহু ঠাইত অনুৰাগীসকলে শ্ৰদ্ধাৰে সুঁৱৰিছে যদিও কৰবাত যেন উপেক্ষিত হৈ ৰৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ দ্বাৰা অসমৰ সংস্কৃতিৰ পথাৰখন চহকী কৰা এইজনা মহীৰূহ ৷

অতি দুৰ্ভাগ্যজনক ভাৱে ৰজাঘৰীয়াৰ চকুতো যেন এলাগী হৈ ৰৈছে জীৱনৰ এচোৱা দিঘলীয়া সময় ভ্ৰাম্যমাণ থিয়েটাৰৰ নামত পাৰ কৰা বহুমুখী প্ৰতিভাৰ অধিকাৰী, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰাপক বিশিষ্ট শিল্পী অচ্যুত লহকৰ ৷ মৃত্যুৰ পাঁচ বছৰৰ পাছতো মহীৰূহ গৰাকীৰ নামত নিৰ্মাণ কৰা স্মৃতি উদ্যানখন উন্মোচন নোহোৱাটোৱে হতাশ কৰিছে তেখেতৰ অনুৰাগী তথা একাংশ সচেতন লোকক ৷ যাৰ বাবে পৃথিৱীৰ ভিতৰতে বিৰল এটা অনুষ্ঠানৰ জন্ম দিয়া অচ্যুত লহকৰক অনতিপলমে মৰণোত্তৰভাৱে ৰাষ্ট্ৰীয় বঁটা তথা সন্মান দিবলৈ আহ্বান জনাইছে আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ে ৷

লগতে তেওঁৰ প্ৰতিমূৰ্তিৰ কাম শীঘ্ৰে সমাপন কৰাৰ উপৰিও তেওঁৰ নামত এটি ন্যাস স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে আৱাহন থিয়েটাৰৰ প্ৰযোজক গৰাকীয়ে ৷ আনহাতে, তেওঁৰ নামত নিৰ্মাণ কৰি থকা প্ৰেক্ষাগৃহটো আজিলৈকে সম্পূৰ্ণ নোহাৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে একাংশ সচেতন লোকে ৷

লগতে পঢ়কঃশক্তি বিভাগৰ গতিশীলতাৰ সময়তে আমগুৰিৰ বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.