পাঠশালা, 13 জুন : মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰক পঞ্চম মৃত্যু বাৰ্ষিকীৰ দিনটোত ৰাজ্যৰ বহু ঠাইত অনুৰাগীসকলে শ্ৰদ্ধাৰে সুঁৱৰিছে যদিও কৰবাত যেন উপেক্ষিত হৈ ৰৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ দ্বাৰা অসমৰ সংস্কৃতিৰ পথাৰখন চহকী কৰা এইজনা মহীৰূহ ৷ জীৱনৰ 40 টাকৈ বছৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে আগবঢ়াই তথা অশেষ কষ্ট সাধন কৰি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নটৰাজ থিয়েটাৰৰ জন্ম দিয়া এইজনা মহীৰূহৰ কৰ্মৰাজি নৱ প্ৰজন্মৰ মাজত চিনাকী কৰি দিবলৈ আজিৰ তাৰিখত নাই কোনো চকুত লগা উল্লেযোগ্য অনুষ্ঠান ৷
ৰজাঘৰীয়াৰ চকুতো যেন এলাগী হৈ ৰৈছে বহুমুখী প্ৰতিভা তথা সৃষ্টিৰাজিৰে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰাপক বিশিষ্ট শিল্পী অচ্যুত লহকৰ ৷ মৃত্যুৰ পাঁচ বছৰৰ পাছতো মহীৰূহ গৰাকীৰ নামত নিৰ্মাণ কৰা স্মৃতি উদ্যানখন উন্মোচন নোহোৱাটোৱে হতাশ কৰিছে তেখেতৰ অনুৰাগী তথা একাংশ সচেতন লোকক ৷ আনহাতে অচ্যুত লহকৰ আৰু ৰতন লহকৰৰ প্ৰতিমূৰ্তি দুটা চকু-মুখ বান্ধি ৰখাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আনহাতে তেওঁৰ নামত নিৰ্মাণ কৰি থকা প্ৰেক্ষাগৃহটো আজিলৈকে সম্পূৰ্ণ নোহাৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে একাংশ সচেতন লোকে ৷
উল্লেখ্য যে, 1963 চনত ভাতৃ সদানন্দ লহকৰৰ "নটৰাজ অপেৰা" নামৰ যাত্ৰাদলটোৰ আৰ্হিত 'নটৰাজ থিয়েটাৰ"ৰ জন্ম দিছিল অচ্যুত লহকৰে ৷ তাৰ পাছৰে পৰা ৰাইজৰ বিপুল সমাদৰ লাভ কৰি পিছলৈ ঘূৰি চাব লগা নহ’ল অচ্যুত লহকৰে ৷ একক প্ৰচেষ্টাৰ জৰিয়তে তথা আধুনিক কলা-কৌশল ব্যৱহাৰ কৰি তেখেতে ভ্ৰাম্যমাণ জগতখনক এক অন্য মাত্ৰা দিবলৈ সক্ষম হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ মহীৰূহ গৰাকী ৷
তেখেতে নাটকৰ মৌলিকতা ৰক্ষাৰ ওপৰত অধিক প্ৰাধান্য দিয়াৰ লগতে শিল্পীসকলৰ আৰ্থিক দিশটোৰ প্ৰতিও খুবেই গুৰুত্ব আৰোপ কৰিছিল ৷ নাট প্ৰদৰ্শনৰ কাৰিকৰী ক্ষেত্ৰত পোহৰৰ পৰা শব্দযন্ত্ৰ আৰু চমক সৃষ্টি আছিল মহীৰূহগৰাকীৰ নাটকৰ অন্যতম উপাদান ৷ যিয়ে এক অনন্য মাত্ৰা প্ৰদান কৰিছিল অসমৰ ভ্ৰাম্যমান জগতক ৷ 2016 চনৰ 12 জুনত মৃত্যু হোৱা এইজনা মহীৰূহৰ পঞ্চম স্মৃতি দিৱস উপলক্ষে বজালীত কেবাটাও অনুষ্ঠানে তেওঁক স্মৰণ কৰি আদৰ্শ আৰু কৰ্মৰাজি জীয়াই ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
লগতে পঢ়কঃ গহপুৰত চিকিৎসক নিগ্ৰহৰ অপচেষ্টা