ETV Bharat / state

বিদ্য়ালয়ৰ সন্মুখত দুৰ্ঘটনাৰ পিছতে গতিৰোধকৰ দাবী ৰাইজৰ - AS10030

বাক্সাৰ দক্ষিণ খাৰিজা বিজনী হাইস্কুলৰ সন্মুখত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মিজানুৰ ৰহমান নামৰ এজন বাইক আৰোহী ৷ গুৰুতৰভাৱে আহত মিজানুৰক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

বিদ্য়ালয়ৰ সন্মুখত দুৰ্ঘটনাৰ পিছতে গতিৰোধকৰ দাবী ৰাইজৰ

author img

By

Published : Feb 12, 2021, 8:07 PM IST

বৰপেটা ৰোড, ১২ ফেব্ৰুৱাৰী: বাক্সাৰ দক্ষিণ খাৰিজা বিজনী হাইস্কুলৰ সন্মুখত শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দ্ৰুতবেগী টেক্টৰে মহতিয়াই লৈ যোৱাত গুৰুতৰভাৱে আহত হয় এজন বাইক আৰোহী ৷ বাইক আৰোহী জনৰ নাম মিজানুৰ ৰহমান ৷ মিজানুৰ ৰহমানৰ ঘৰ বৰপেটাৰ বগৰীগুৰী গাৱত বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আহত মিজানুৰ ৰহমানক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰিয়েই টেক্টৰসহ চালকজনে পলায়ন কৰে ৷

ইফালে বিদ্যালয়খনৰ সন্মুখত গতিৰোধক নথকাৰ বাবেই এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজ আৰু বিদ্যালয় কতৃপক্ষৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত দক্ষিণ খাৰিজা বিজনী হাইস্কুলৰ সন্মুখত গতিৰোধক স্থাপনৰ দাবী জনাই বিদ্যালয় কতৃপক্ষ আৰু স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:গোলাঘাটত খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.