ETV Bharat / state

ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক - বৰপেটা

বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হ'ল সাংসদ আব্দুল খালেক আৰু দুই নৱ নিৰ্বাচিত বিধায়ক ৷ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসক বিৰোধী সকলোৱে একত্ৰিত হ'ব লাগিব আৰু ক'ভিডক লৈ ৰাজনীতি কৰাৰ পক্ষপাতি নহয় বুলি মন্তব্য কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্ট আৰু আন আন স্থানত এল এম অ’ টেংক স্থাপন কৰিবলৈ চৰকাৰ দাবী জনোৱাৰ লগতে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে ক'ভিড নিয়ন্ত্ৰণৰ বাবে এখন এম্বুলেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷

Abdul khaleque is not in favour of playing politics on covid control
ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক
author img

By

Published : May 20, 2021, 12:45 PM IST

বৰপেটা,20 মে': বৰপেটা জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হ'ল সাংসদ আব্দুল খালেক আৰু দুই নৱ নিৰ্বাচিত বিধায়ক ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈয়ে হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ক'ভিড পৰিস্থিতিক লৈ আলোচনাত মিলিত হয় সাংসদসহ বিধায়ক দুগৰাকী ৷

ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক

বিগত দিনত ক'ভিডত আক্ৰান্ত হৈ কেইবাজনো ৰাজনীতিকৰ মৃত্যু হোৱাৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যখনৰ লগতে বৰপেটা জিলাখনকো কেনেকৈ ক'ভিড মুক্ত কৰিব পাৰি, সেই কথাৰ গুৰুত্ব প্ৰদানৰ দিশসমূহ আলোচনা কৰে সাংসদ খালেকে ৷ বৰপেটাৰ সামগ্ৰিক ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও কিছু সমস্যা থকাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ আশা প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷

Abdul khaleque is not in favour of playing politics on covid control
ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক

আনহাতে, ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসক বিৰোধী সকলোৱে একত্ৰিত হ'ব লাগিব ৷ ক'ভিডক লৈ ৰাজনীতি কৰাৰ পক্ষপাতি নহয় বুলি মন্তব্য কৰি খালেকে কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্ট আৰু আন আন স্থানত এল এম অ’ টেংক স্থাপন কৰিবলৈ দাবী জনায় ৷ লগতে সাংসদ পূঁজিৰ ধনেৰে বৰপেটা অসামৰিক চিকিৎসালয়ত এখন আইচিইউ বেড স্থাপন আৰু বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে ক'ভিড নিয়ন্ত্ৰণৰ বাবে এখন এম্বুলেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক: মৃত ক'ভিড ৰোগীক চিকিৎসা কৰি চিকিৎসক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.