বৰপেটা,27 জানুৱাৰীঃ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে সোমবাৰে এখন সংবাদমেল আয়োজন কৰি শাসনাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ৷ সংবাদমেলযোগে সাংসদগৰাকীয়ে কয় যে, কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে আৰু এই বিতৰ্কিত আইনখনৰ ক্ষেত্ৰত কংগ্ৰেছ দল নিজৰ স্থিতিতে থাকিব ৷ আনহাতে আইনখনৰ জৰিয়তে মুছলমান লোকসকলক অন্তৰ্ভূক্ত কৰিলে কংগ্ৰেছে সমৰ্থন জনোৱা কথাটোক অস্বীকাৰ কৰে আব্দুল খালেকে ৷ ১৯৭১ চনৰ পিছৰ অনুপ্ৰৱেশকাৰী সকলক কেতিয়াও গ্ৰহণ কৰা নহ'ব, অসম তথা ভাৰতলৈ অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে ৷ এই আইনখনে বাংলাদেশ আৰু আফগানিস্তানৰ লগত ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত ব্যাঘাত সৃষ্টি কৰিব বুলি ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ এই আইনখনে বাংলাদেশ আৰু আফগানিস্তানৰ মৌলবাদী সংগঠন সমূহৰ হাত শক্তিশালী কৰিব ৷
আনহাতে, ইউ টি চি সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে, এই চুক্তিখনৰ জৰিয়তে অসম পুনৰ বিভাজন হ’বলৈ গৈ আছে ৷ অসম চৰকাৰে এই সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে ৷ লগতে চৰকাৰে এই চুক্তি খনৰ জৰিয়তে অসম বিভাজনৰ পথ মুকলি কৰিছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷ তেখেতে লগতে কয় যে, জনগোষ্ঠীয় লোকসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰাটো উচিত যদিও জনগোষ্ঠী সকলৰ লগতে বড়ো ভূমিত থকা অন্যান্য সম্প্ৰদায়ৰ লোক সকলৰ অধিকাৰ নিশ্চিত কৰিব লাগে ৷
লগতে পঢ়ক-আদালতত নাকচ অভি-নীল হত্যাৰ অভিযুক্তৰ নাবালকৰ প্ৰমানপত্ৰ