ETV Bharat / state

AASU hunger strike: বৰপেটাক ৰে’লপথ-চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত ২৬ ঘন্টীয়া অনশন

author img

By

Published : Jan 25, 2023, 6:11 PM IST

গণৰাজ্য দিৱসক লক্ষ্য কৰি বৰপেটাত আছুৱে আজি ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত জিলাবাসীয়ে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে অচিৰেই এই যাতায়ত ব্যৱস্থাৰ সংযোজন ঘটাবলৈ দাবী উত্থাপন কৰে আছুসহ স্থানীয় লোকে(AASU hunger strike in Barpeta) ৷

AASU hunger strike demanding connectivity of railway track and four lane NH in Barpeta
বৰপেটাক ৰে’লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত ২৬ ঘন্টীয়া অনশন

বৰপেটা, ২৫ জানুৱাৰী: গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৱে ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে (AASU hunger strike in Barpeta) ৷ সত্ৰ নগৰী বৰপেটাক ৰে’লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই (Barpeta Anchalik Student Union) বুধবাৰৰ পৰা ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে (Demanding connectivity of railway track) ৷

আজি পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘন্টীয়া অনশন কাৰ্যসূচীৰে অসমৰ শতিকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাক ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই (26 hour hunger strike by AASU)৷ আনহাতে বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত জিলাবাসীয়ে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷

ইয়াৰ পূৰ্বে বৰপেটা চহৰক ৰে’লপথেৰে সংযোগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰিছিল যদিও ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই (Demanding connectivity of four lane NH)৷ সেয়ে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ এই দাবীৰ প্ৰতি বৰপেটাৰ একাংশ সংস্থা, সংগঠন, জ্যেষ্ঠ নাগৰিক আদিয়েও সমৰ্থন আগবঢ়াইছে ৷ উল্লেখ্য যে, 26 জানুৱাৰীত দেশৰ ৰাষ্ট্ৰপতিয়ে দিল্লীত গণৰাজ্য দিৱসৰ (Republic Day 2023) পতাকা উত্তোলনৰ লগে লগেই এই অনশন কাৰ্যসূচীৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে ৷

এই অনশন কাৰ্যসূচী সন্দৰ্ভত ছাত্ৰসন্থাৰ বিষয়ববীয়াই (AASU Leader on Hunger strike) কয়, "বৰপেটাক তীৰ্থনগৰী বুলি কোৱা হয় ৷ কিন্তু আজিও বৰপেটা সদৰৰ উন্নয়ন বুলি ক’লে অতি পুতৌজনক অৱস্থা ৷ যাতায়তৰ ক্ষেত্ৰত বিশেষকৈ আমি পিছপৰি আছো ৷ সেয়েহে আমি বৰপেটা জিলা ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি বৰপেটা চহৰত ৰে’লপথেৰে সংযোগ কৰা আৰু চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ কৰাৰ দাবীত আমি আন্দোলন কাৰ্যসূচী কৰি আহিছো ৷ ইয়াৰোপৰি আমি যোৱা 2016 চনৰ 1 জুনৰ পৰা 20 জুন তাৰিখলৈকে এক গণস্বাক্ষৰ অভিযানো চলাইছিলো ৷ ইয়াত প্ৰায় 1 লাখতকৈ অধিক লোকে বৰপেটাৰ মাজেৰে ৰে’ললাইন লাগে বুলি স্বাক্ষৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত আমি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰকপত্ৰৰ লগতে স্বাক্ষৰ অভিযানৰ প্ৰতিলিপিও পঠিয়াইছিলো ৷ তাৰ পিছতো চৰকাৰে কোনোধৰণৰ সহাৰি নিদিলে ৷"

লগতে পঢ়ক: National Tourism Day 2023: কিয় আজিৰ দিনটোতে পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটন দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.