ETV Bharat / state

আদিবাসী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত ব্যৰ্থ বিজেপি : আছা

author img

By

Published : Jan 23, 2021, 1:58 PM IST

Updated : Jan 23, 2021, 2:15 PM IST

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া । 4 ফেব্ৰুৱাৰীত 'ৰাজভৱন চলো' কাৰ্যসূচী ঘোষণা আছাৰ ।

aasa reaction
আদিবাসী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত ব্যৰ্থ বিজেপি

বৰপেটা,23 জানুৱাৰী : শনিবাৰে শিৱসাগৰৰ জেৰেঙা পথাৰত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত হৈ এক বিশাল জন সভাত অংশগ্ৰহণ কৰে ৷ এই বিশাল জন সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ 1 লাখ ভূমিহীনক ভূমি পট্টা প্ৰদান কৰে ৷ ভূমি পট্টা প্ৰদান কৰাৰ পাছতেই বৰ্তমান ইয়াকে লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই প্ৰকাশ কৰিছে ৷

দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে চাহ শ্ৰমিক সকল ৷ আনকি দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু আদিবাসী সকলক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে আছাই ৷

আদিবাসী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত ব্যৰ্থ বিজেপি : আছা

বিগত নিৰ্বাচনত বিজেপিয়ে আদিবাসী সকলক যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই সমূহ প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলক জনজাতিকৰণ কৰাকে ধৰি আদিবাসী সকলৰ বিভিন্ন সমস্যা পূৰণ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছে ৷

ইয়াৰ উপৰিও আদিবাসী সকলক জনজাতিকৰণ কৰাৰ লগতে আদিবাসী সকলৰ বিভিন্ন দাবী পূৰণৰ প্ৰতিবাদত 4 ফেব্ৰুৱাৰীত ৰাজভৱন চলো কাৰ্যসূচী লোৱাৰ কথাও ঘোষণা কৰিছে আছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মানছুক ছাংখাৰিকাই ৷

লগতে পঢ়ক : বিজেপি চৰকাৰেহে অসমৰ পৰা বিদেশী খেদিব পাৰিব : সৰ্বানন্দ সোণোৱাল

Last Updated : Jan 23, 2021, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.