জনীয়া,27 মে’: বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ টাকাকাটা জাউৰীমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত পালন কৰা হয় শ্বহীদ দিৱস । কাল কৰ’ণাৰ ভয়াবহতাৰ বাবেই আমছুৱে অনুষ্টুপীয়াকৈ পালন কৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷
প্ৰতি বছৰে 26 মে’ৰ দিনটোত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে পালন কৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷ উল্লেখ্য যে, 1980 চনৰ পৰা বৰ্তমানলৈকে আমছুৰ গণতান্ত্ৰিক আন্দোলনত আত্মবলিদান দিয়া শ্বহীদ সকলৰ আত্মাৰ সদগতি হকে পালন কৰা হয় শ্বহীদ দিৱস ৷
টাকাকাটা জাউৰীমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত পালন কৰা শ্বহীদ দিৱসত আমছুৰ সভাপতি শ্বাহ সুলতান, ইয়াছিন আলী ভূঞা আৰু কলগাছিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্বাহ জাহান আলীয়ে পতাকা উত্তোলন কৰে । কলগাছিয়া জিলা সমিতিৰ উপ-সভাপতি আজাদুল ভূঞাই শ্বহীদ তৰ্পণত মাল্যাৰ্পণ কৰে । আমছুৰ এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থকে কলগাছিয়া জিলা সমিতিৰ কাৰ্যলয় সম্পাদক ৰবিউল আৱালৰ লগতে কেইবাগৰাকীও আঞ্চলিকৰ সভাপতি-সম্পাদকসকল ৷
লগতে পঢ়ক: পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ