ETV Bharat / state

আধাৰ প্ৰস্তুতৰ নামত কি চলিছে আধাৰ কেন্দ্ৰত ? - Aadhar card centres illegally collecting money from public

আধাৰ প্ৰস্তুতৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰিছে আধাৰ কেন্দ্ৰসমূহে ৷ গ্ৰাহকৰ পৰা 500 ৰ পৰা 1000 টকা সংগ্ৰহ কৰিছে আধাৰ কেন্দ্ৰই ৷

গ্ৰাহকৰ পৰা 500 ৰ পৰা 1000 টকা সংগ্ৰহ
আধাৰ কেন্দ্ৰত অবৈধভাৱে ধন সংগ্ৰহ
author img

By

Published : Oct 9, 2020, 10:05 PM IST

বৰপেটা, 9 অক্টোবৰ : চৰকাৰী সকলো কাম-কাজতে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ ফলত বৃদ্ধি পাই আহিছে ইয়াৰ চাহিদা ৷ চৰকাৰী আঁচনিৰ সুফল লাভৰ বাবে প্ৰতিজন লোকে এতিয়া ভিৰ কৰিছে আধাৰ কেন্দ্ৰসমূহত ৷ আনহাতে, মানুহৰ ভিৰৰ সুযোগ গ্ৰহণ কৰি আধাৰ কেন্দ্ৰসমূহে এতিয়া লুটিছে গাঁৱৰ সৰ্বসাধাৰণ দুখীয়া লোকক ৷

আধাৰ কেন্দ্ৰসমূহত চলি থকা অনিয়ম ৰোধৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো তৎপৰতা ৷ যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কোহোনাৰে ধন চপাইছে একাংশ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে ৷ বৰপেটাৰ পালহাজীৰ আজাদ সমবায় সমিতিৰ কাৰ্যালয়ত থকা মোজাম্মিল ওৰফে পাপু নামৰ যুৱকজনৰ নামত থকা এটা আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে আধাৰ প্ৰস্তুতৰ নামত প্ৰতিজন লোকৰ পৰা আদায় কৰি আহিছে পাঁচশৰ পৰা একহাজাৰ পৰ্যন্ত টকা ৷ টকা নিদিলে মাহৰ পিচত মাহ গ্ৰাহকসকলে ঘূৰি ফুৰিব লাগে বুলি অভিযোগ উত্থাপন হৈছে ৷

আধাৰ কেন্দ্ৰত অবৈধভাৱে ধন সংগ্ৰহ

আধাৰ প্ৰস্তুত কৰিবলৈ অহা লোকসকলে আধাৰ কেন্দ্ৰটোত চলি থকা ধন সংগ্ৰহৰ কথা নিজ মুখেৰে বৰ্ণনা কৰিছে ৷ আধাৰ প্ৰস্তুতৰ নামত এতিয়া একাংশ আধাৰ কেন্দ্ৰই দৈনিক ৫০ হাজাৰলৈকে টকা সংগ্ৰহ কৰি আছে আৰু কেন্দ্ৰত চলা ধনৰ লেনদেনৰ ভাগ নোপোৱাৰ বাবেই বৰপেটাৰ পালহাজীৰ আজাদ সমবায় সমিতিত চলি থকা এটা আধাৰ কেন্দ্ৰ আজি বন্ধ কৰি দিলে সমবায় সমিতিখনে ৷

আধাৰ কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে জনোৱা মতে, পূৰ্বতে আজাদ সমবায় সমিতিৰ সম্পাদক নিজামউদ্দিনক প্ৰতিমাহে আদায় দিছিল ১২ হাজাৰ টকা ৷ কিন্তু আধাৰ কেন্দ্ৰটোৱে এদিনতে ৫০ হাজাৰ টকালৈকে সংগ্ৰহ কৰিবলৈ লোৱাত সমবায় সমিতিখনে মাহেকত ৫০ হাজাৰ টকাকৈ দাবী কৰিছিল ৷

আধাৰ কেন্দ্ৰত অবৈধভাৱে ধন সংগ্ৰহ

আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে কেমেৰাৰ সন্মুখত নিজ মুখে কয় যে, সমবায় সমিতিৰ সম্পাদক নিজামউদ্দিনে ৫০ হাজাৰ টকা দাবী কৰে ৷ এনেদৰে ধনৰ লেনদেনক লৈয়ে বন্ধ হৈ পৰিল পালহাজী গাঁৱৰ আধাৰ কেন্দ্ৰটো ৷ ইপিনে আধাৰ প্ৰস্তুতৰ নামত আধাৰ কেন্দ্ৰটোৰ কৰ্মীয়ে ধন আদায় কৰি থকাৰ বাবেই কেন্দ্ৰটো বন্ধ কৰি দিয়া বুলি জানিবলৈ দিছে আজাদ সমবায় সমিতিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : ন-সত্ৰৰ সেৱাশ্ৰমত পানী যোগান আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.