ETV Bharat / state

বৰপেটাৰ পল্লা নৈত পৰি কিশোৰী সন্ধানহীন

author img

By

Published : Jun 10, 2021, 10:52 PM IST

বৰপেটা জিলাৰ দঙৰকুছিত দলঙৰ পৰা নৈত পৰি কিশোৰী সন্ধানহীন ৷ কিশোৰীগৰাকী সোনকুছি কল’নিৰ ৰিয়া মালাকৰ ৷ কিশোৰীগৰাকীৰ সন্ধানত এছ ডি আৰ এফৰ অভিযান অব্যাহত ৷

a teenager is missing after falling into palla river
বৰপেটাৰ পল্লা নৈত কিশোৰী সন্ধানহীন

বৰপেটা, ১০ জুন : বৰপেটাৰ দঙৰকুছিত অঘটন ৷ পল্লা নৈৰ দলঙৰ পৰা নৈত পৰি এগৰাকী কিশোৰীৰ সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷ কিশোৰীগৰাকী সোনকুছি কল'নিৰ ৰিয়া মালাকাৰ বুলি জানিব পৰা গৈছে ৷ ৰিয়া মালাকাৰ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ৷

বৰপেটাৰ পল্লা নৈত কিশোৰী সন্ধানহীন

কিশোৰীজনী চাইকেলেৰে মাহীয়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ ঘৰলৈ গৈ থকা অৱস্থাতে দলঙখনৰ ৰেলিঙৰ ভগ্ন অংশৰে চাইকেলৰ সৈতে নৈত পৰি যায় কিশোৰীগৰাকী ৷ কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে একাংশ যুৱক দৌৰি আহে যদিও কিশোৰীজনী নৈৰ পানীত ডুব যায় ৷

উল্লেখ্য যে দলঙখনৰ দুৰৱস্তাৰ বাবেই বৃহস্পতিবাৰে এই কৰুণ ঘটনাটো সংঘটিত হয় ৷ ইপিনে কিশোৰীগৰাকীৰ মাতৃ ই-ৰিস্কাৰে গৈ থকাৰ বিপৰীতে কিশোৰীজনী চাইকেলেৰে মাহীয়েকৰ ঘৰৰ পৰা নিজি ঘৰলৈ গৈ থকা অৱস্থাতে শোকাৱহ ঘটনাতো সংঘটিত হয় ৷

কিশোৰীজনীৰ মাতৃয়ে জনোৱা মতে, ধনৰ অভাৱৰ বাবেই মাতৃৰ সৈতে ই-ৰিস্কাৰ সলনি চাইকেলেৰে গৈ আছিল কিশোৰীগৰাকী ৷ উক্ত ঘটনাটোক লৈ বৰপেটাত শোকৰ ছাঁ পৰিছে ৷ ইপিনে স্থানীয় নাগৰিকৰ সহযোগত এছ ডি আৰ এফে কিশোৰী গৰাকীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বুধবাৰে কোকৰাঝাৰত গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’লে মন্ত্ৰী অশোক সিংঘালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.