ETV Bharat / state

কোনে শুনিব বৰপেটাৰ কবিতা লহকৰ আৰু তেওঁৰ সন্তানৰ আৰ্তনাদ?

author img

By

Published : Jun 13, 2020, 6:13 PM IST

বৰপেটা জিলাৰ সৰ্থেবাৰী নামশলাৰ এগৰাকী নিঃসহায় মহিলাৰ মৰ্মান্তিক কাহিনী ৷ দুটি কণমানিক বুকুত সাৱটি কোনোমতে জীয়াই আছে কৰ্কট ৰোগত আক্ৰান্ত মহিলাগৰাকী ৷ মহিলাগৰাকীৰ স্বামীয়ে পত্নীৰ চিকিৎসা কৰিব নোৱাৰি হতাশাত ভুগি আত্মহত্যা কৰিছিল ৯ মাহ পূৰ্বে । তাৰ পিছৰ পৰাই যেন মহিলাগৰাকীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷

a story of cancer patient at sarthebari
বৰপেটাৰ কবিতা লহকৰ আৰু তেওঁৰ সন্তানৰ আৰ্তনাদ

বৰপেটা,১৩ জুনঃ বৰপেটাৰ এগৰাকী নিঃসহায় মহিলাৰ কৰুণ কাহিনী । দুই কণমানি সন্তানক লগত লৈ এতিয়া বিপদত পৰিছে কৰ্কট ৰোগত আক্ৰান্ত মহিলাগৰাকী ৷

বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নামশলাৰ 38 বছৰীয়া মহিলা কবিতা লহকৰ আক্ৰান্ত ব্লাড কেঞ্চাৰত ৷ ডেৰ বছৰ ধৰি এই জটিল ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ স্বামীয়ে পত্নীৰ চিকিৎসা কৰিব নোৱাৰি হতাশাত ভুগি আত্মহত্যা কৰিছিল ৯ মাহ পূৰ্বে ৷ স্বামীৰ মৃত্যুৰ পিছৰ পৰাই পৰিয়ালটোলৈ নামি আহিছে অমানিশা । এসাঁজ খাই এসাঁজ লঘোণে দিন কটাইছে পৰিয়ালটোৱে। প্ৰায়ে নিমখ ভাত খাই থাকিব লগীয়া হৈছে দুই সন্তানে । ঘৰৰ চোতালত ৰোৱা ভোট জলকীয়া বিক্ৰী কৰি ঔষধ কিনিবলগীয়া হয় কবিতা লহকৰে । ওচৰ চুবুৰীয়াৰ দুই এজন সুহৃদয়ৱান লোকে সহায় কৰি আছে যদিও সেয়া পৰ্যাপ্ত নহয় ।

বৰ্তমান চিকিৎসা কৰিবলৈ হাতত ফুটাকৰি নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা মহিলাগৰাকীৰ ৷ মাতৃৰ বেথা দেখি কণমান সন্তানৰ চকুতো এতিয়া চকুপানীৰে ভৰি পৰিছে ৷ মাতৃক আৰোগ্য কৰি তুলিবলৈ চৰকাৰ তথা সুহৃদয়ৱান লোকক কাতৰ আহ্বান জনাইছে কনমানি সন্তান দুগৰাকীয়ে । দুৰ্যোগৰ সন্মুখীন হোৱা এই অসহায় পৰিয়ালটোক এতিয়া প্ৰয়োজন মাথো আপোনাৰ অকনমান সহায়ৰ । কোনো সুহৃদয়ৱান লোকে মহিলাগৰাকীক সহায় কৰিব বিচাৰিলে সৰ্থেবাৰী এচ.বি.আইত থকা কবিতা লহকৰৰ একাউণ্ট নম্বৰ 38873660790 আৰু IFSC Code -SBIN0011611ত ধন জমা দিবলৈ নাইবা 9101291483 আৰু 9706542066 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ মহিলাগৰাকীয়ে অনুৰোধ জনাইছে । আপোনাৰ এধানিমান মৰমে হয়তো এই কণ কণ শিশু দুটাৰ মুখত কিছু হাঁহি বিৰিঙাব ।

লগতে পঢ়কঃপ্ৰায় 75 দিনৰ পিছত শ্বুটিং আৰম্ভ হ'ল ৰামোজি ফিল্ম চিটীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.