ETV Bharat / state

বৰপেটাৰোডত গাঞ্জাসহ আটক এজন লোক - 2 কিলো 690 গ্ৰাম গাঞ্জা

বৰপেটাৰোডৰ 2 নং ৱাৰ্ডত শুকুৰবাৰে নিশা অভিযান চলাই বৰপেটাৰোড আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোকজনৰ নাম তছৰূপ হুছেইন ওৰফে আলী ৷

a-man-detained-with-ganja-in-barpetaroad
বৰপেটাৰোডত গাঞ্জা সহ আটক এজন লোকক
author img

By

Published : Jul 17, 2021, 7:10 PM IST

বৰপেটাৰোড, 17 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনেই উৎখাত কৰা হৈছে ড্ৰাগছৰ ঘাটি তথা জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী ৷ যিমানেই অসম আৰক্ষীয়ে গাঞ্জা-ড্ৰাগছ আদিৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা তথা ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সিমানেই যেন পোহৰলৈ আহিছে ড্ৰাগছ-গাঞ্জাৰ অবৈধ বেহাৰ তথ্য ৷

গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই চহৰখনৰ 2 নং ৱাৰ্ডৰ তছৰূপ হুছেইন ওৰফে আলীৰ বাসগৃহত অভিযান চলায় ৷ অভিযানকালত লোকজনৰ বাসগৃহৰ পৰা প্ৰায় 2 কিল’ 690 গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ লগতে ঘটনা সন্দৰ্ভত লোকজনক আটক কৰে ৷ বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে গাঞ্জা, ড্ৰাগছ, মদ, ভাং আদিৰ ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ লোৱাৰ কথা জানিবলৈ দিয়ে ৷

আটকাধীন লোকজনক শনিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

বৰপেটাৰোডত গাঞ্জাসহ আটক এজন লোক

কিছুদিন পূৰ্বে কাছাৰ জিলাৰ উধাৰবন্দ আৰক্ষীয়ে (Udarband Police) নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ কথা পোহৰলৈ আহিছে ৷ উধাৰবন্দ আৰক্ষীয়ে টালিগ্ৰামৰ পৰা 80 কিল’গ্ৰাম গাঞ্জা জব্দ কৰে ৷ আৰক্ষীৰ দলটোৱে গাঞ্জা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোককো আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে ৷ তেনে সময়তে মেৰেৰচৰ থানাৰ অন্তৰ্গত নাৰাৰভিটা মইনাপাৰাত ঘৰে ঘৰে গাঞ্জাৰ খেতি কৰা পৰিলক্ষিত হৈছে । নাৰাৰভিটা মইনাপাৰাত গাঞ্জাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বিটিএম নামৰ এটা বে-চৰকাৰী সংস্থাই । ঘৰে ঘৰে গৈ খেতিয়কসকলক বুজাই গাঞ্জাৰ গছ কাটি গাঞ্জা বিৰোধী অভিযান আৰম্ভ কৰিছে এনজিঅ’ৰ সদস্যসকলে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙৰ 100 খন অত্যাধুনিক ICU বিছনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.