ETV Bharat / state

কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক এজন - মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি

কলগাছিয়াত কৌশলেৰে মহিলাৰ এটিএম সালসলনি কৰি 61 হাজাৰ টকা লুটি নিছিল এজন লোকে ৷ আঠমাহ পূৰ্বে সংঘটিত উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাই আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশেষত স্থানীয় ৰাইজে শনিবাৰে অভিযুক্ত লোকজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷

a-man-arrested-for-loot-money-from-a-womans-account-in-kalgachia
কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক এজন
author img

By

Published : Jun 13, 2021, 1:48 PM IST

জনীয়া, 13 জুন : বৰপেটা জিলাৰ কলগাছিয়াত কৌশলেৰে এটিএম কাৰ্ড সালসলনি কৰাৰ এক ঘটনা পোহৰলৈ আহিছে । খাটি খোৱা মহিলাৰ একাউন্টৰ পৰা ৬১ হাজাৰ টকা হৰলুকি কৰিলে দুষ্কৃতিকাৰীয়ে ।

কলগাছিয়াত বিগত বৰ্ষৰ ২১ অক্টোবৰ তাৰিখে ছকিনা খাতুন নামৰ এগৰাকী মহিলাই এটিএমত ধন উলিয়াবলৈ আহি নিজে ধন উলিয়াব নোৱাৰি এজন অচিনাক্ত যুৱকৰ সহায় লৈ পাঁচ হাজাৰ টকা উঠাই লৈ যায় ৷ কিন্তু উক্ত যুৱকজনে কৌশলেৰে মহিলাগৰাকীৰ এটিএম কাৰ্ড সালসলনি কৰি মহিলাগৰাকীৰ একাউন্টৰ পৰা 61 হাজাৰ টকা লুটি লৈ যায় ৷

কৌশলেৰে মহিলাৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি আটক এজন

পৰৱৰ্তী সময়ত উক্ত যুৱকজন ৰহিম বাদশ্বাহ বুলি চিনাক্ত কৰা হয় ৷ ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত ছকিনা খাতুনে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অভিযুক্তক আটক নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

কিন্তু আঠ মাহৰ অন্তত ৰাইজে অভিযুক্ত ৰহিম বাদশ্বাহক আটক কৰি আৰক্ষীক গতাই দিবলৈ বিচাৰে যদিও আৰক্ষীয়ে অভিযু্ক্তক গ্ৰেপ্তাৰ কৰিবলৈ অমান্তি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশেষত উক্ত ঘটনা সন্দৰ্ভত সহায় বিচাৰি ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ কাষ চপাত আৰক্ষীয়ে যুৱকজনক আটক কৰিবলৈ বাধ্য হয় ৷

লগতে পঢ়ক: Microfinance ৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.