ETV Bharat / state

তেজৰ ব্যৱসায়ৰ লগত জড়িত ব্লাড বেংকৰ এজন কৰ্মচাৰীকে ধৰি তিনিজনক আটক

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত গোপনে চলি আহিছে তেজৰ অবৈধ ব্যৱসায়ৰ । সোমবাৰে অবৈধ ভাৱে চলি থকা এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিলে বৰপেটা আৰক্ষীয়ে । ইয়াৰে এজন লোক চিকিৎসালয় খনৰে ব্লাড বেংকৰ কৰ্মচাৰী । উল্লেখ্য যে, এদিন পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল আন এজন মধ্যস্থতাকাৰীক ।

A blood bank staff and another were arrested in Barpeta
তেজৰ ব্যৱসায়ৰ লগত জড়িত ব্লাড বেংকৰ এজন কৰ্মচাৰীকে ধৰি তিনিজনক আটক
author img

By

Published : Aug 10, 2020, 9:36 PM IST

বৰপেটা ১০ আগষ্ট: শেহতীয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত অবৈধভাৱে তেজৰ এক ব্যৱসায় চলি থকাৰ কথা পোহৰলৈ অহাত চিকিৎসালয় চৌহদত সৃষ্টি হৈছে চাঞ্চল্যৰ । এই কাৰ্যৰ লগত লগত জড়িত দুজন লোকক সোমবাৰে আটক কৰিলে বৰপেটা আৰক্ষীয়ে । ইয়াৰে এজন চিকিৎসালয়খনৰ ব্লাড বেংকত কৰ্মৰত চফিউল হুছেইন বুলি জানিব পৰা গৈছে । আটক হোৱা দ্বিতীয়জন লোক অবৈধভাৱে চলি থকা তেজৰ এই ব্যৱসায়ৰ লগত পূৰ্বৰে পৰা জড়িত মধ্যস্থতাকাৰী আৰমান খান বুলি জনালে আৰক্ষীয়ে ।

দেওবাৰে চিন্ময় দাস ওৰফে লেং নামৰ এজন মধ্যস্থতাকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু এই চিন্ময় দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে সোমবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী চফিউল হুছেইন আৰু আনজন মধ্যস্থতাকাৰী আৰমান খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

তেজৰ ব্যৱসায়ৰ লগত জড়িত ব্লাড বেংকৰ এজন কৰ্মচাৰীকে ধৰি তিনিজনক আটক

জানিব পৰা মতে, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংকৰ একাংশ কৰ্মচাৰীৰ সহযোগত চিকিৎসালয় খনত পূৰ্বৰে চলি আহিছিল তেজৰ এক অবৈধ ব্যৱসায় ৷ আনকি একেটা মাহতে একেজন ব্যক্তিৰ পৰা বহুবাৰ দিয়া তেজ সংগ্ৰহ কৰা ইয়াত । এনে তেজ গ্ৰহণ কৰি বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ সত্যজিৎ দাস নামৰ এজন যুৱকৰ মৃত্যু ঘটিছিল আৰু এই মৃত্যুৰ ঘটনাৰ পিছতেই পোহৰলৈ আহে তেজৰ এই অবৈধ ব্যৱসায়ৰ সবিশেষ ।

যুৱক জনৰ মৃত্যুৰ পিছতে বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ একাংশ লোক আৰু চিকিৎসালয় খনৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে এই সম্পৰ্কত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিতে বৰপেটা আৰক্ষীয়ে অভিযান চলাই বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংকৰ কৰ্মচাৰী চফিউল হুছেইন, মধ্যস্থতাকাৰী চিন্ময় দাস আৰু আৰমান খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.