বৰপেটাৰোড 21 ফেব্ৰুৱাৰী : সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ সৰভোগৰ গৌড়ীয় মঠৰ সমীপত অচিনাক্ত এখন বাহনে এজনৰ লোকক মহতিয়াই নিয়াত থিতাতে নিহত হয় লোকজনৰ ৷
স্থানীয় লোকে সদৰি কৰা মতে, নিহত লোকজন দক্ষিণ গনকগাড়ী গাঁৱৰ কৰুণা দাস ৷ ঘটনাৰ বিৱৰণ অনুসৰি নিজ পত্নীৰ অসুস্থতাৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ গৈ লোকজনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই তীব্ৰ বেগী বাহনখনে খুন্দা মাৰে ৷ ফলত লোকজনৰ থিতাতে নিহত হয় ৷
সৰভোগ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, দৰ্ঘটনা সংঘটিত কৰা বাহনখন বিজনীৰ টুল গেটৰ পৰা আৰক্ষীয়ে আটক কৰে ৷ বাহনখনৰ নম্বৰ AS-23AC-7489 ৷
লগতে পঢ়ক: বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !