জনীয়া, 1 জুলাই : বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰিত এগৰাকী ৯ বছৰীয়া কন্যা শিশুক ধৰ্ষণ চেষ্টা চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগত অভিযুক্ত হৈছে এজন যুৱক ৷ অভিযোগ অনুসৰি জনৈক আলী নামৰ যুৱক জনে 9 বছৰীয়া এগৰাকী কন্যা শিশুক বলপূৰ্বকভাৱে উঠাই নি অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ চেষ্টা চলায় ৷
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত উত্থাপিত হৈছে এই ধৰ্ষণৰ অভিযোগ ৷ এগৰাকী ৯ বছৰীয়া কন্যা শিশুয়ে আমগুৰিৰ চশমা বজাৰত দেউতাকক ম'বাইল ফোন দি ঘৰলৈ উভতি আহিছিল ৷ উভনি পথতে সংঘটিত হৈছিল এই কাণ্ড ৷
স্থানীয় লোকে সদৰি কৰা মতে ৯ বছৰীয়া কন্যা শিশুটি ঘৰলৈ উভতি অহাৰ পথৰ কাষতে থকা কেইবা বিঘা মৰাপাটৰ খেতিৰ ওচৰতে খাপ পিটি আছিল গাঁৱৰে যুৱকজন ৷
যি সময়ত শিশুটি আহি মৰাপাটৰ খেতিৰ ওচৰ পাইছিল সেই সময়তে মুখত সোপা দি শিশুটিক যুৱকজনে মৰাপাটৰ খেতিৰ মাজলে লৈ যায় ৷ শিশুটি কোনো মতে যুৱকৰ কৱলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ তাৰ পাচতে শিশুটিয়ে স্থানীয় এজন যুৱকক সমগ্ৰ ঘটনাতো অৱগত কৰে ৷
ইয়াৰ পাচতে স্থানীয় একাংশ যুৱকে খেদি খেদি মৰাপাটৰ খেতিৰ মাজৰ পৰা যুৱকজনক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে কলগাছিয়া আৰক্ষীক খবৰ দিয়ে যুৱকৰ দলটোৱে ৷ পৰৱৰ্তী সময়ত গাওঁৰক্ষী বাহিনীৰ সহযোগত কলগাছিয়া আৰক্ষীক গতাই দিয়া হয় অভিযুক্ত যুৱকজনক ৷ কলগাছিয়া আৰক্ষীৰ আগত সমগ্ৰ ঘটনাৰ কথা স্বীকাৰ কৰিছে যুৱকজনে ৷
লগতে পঢ়ক : মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি চূড়ান্ত