বৰপেটা, ৫ মাৰ্চঃ সত্ৰ নগৰী বৰপেটাত দৌল মহোৎসৱৰ পূৰ্বে সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ এই অভিযানত প্ৰায় 600 বটল সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
আগন্তুক দৌল উৎসৱ উপলক্ষে সত্ৰ নগৰীত আৰক্ষীয়ে অব্যাহত ৰাখিছে সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ ইতিমধ্যে বৰপেটাৰ আৰক্ষী বিষয়া পংকজ যাদৱৰ নেতৃত্বত যোৱা নিশা চহৰৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ সুৰা ৷ লগতে এজন সুৰা ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে ৷ দৌল মহোৎসৱত সুৰাৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে চলোৱা এই অভিযানক সকলো ৰাইজে আদৰণি জনাইছে ৷