ETV Bharat / state

বৰপেটাত দেওবাৰে ৬ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

author img

By

Published : May 31, 2021, 12:34 PM IST

বৰপেটা জিলাত দেওবাৰৰ দিনটোত ৬ গৰাকী কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷ আনহাতে, বৰ্তমান জিলাখনত ৯২ গৰাকী কৰ’ণা ৰোগীৰ মৃত্যু হৈছে ৷

6-covid-patient-dead-at-barpeta-on-sunday
বৰপেটা জিলাত দেওবাৰে ৬ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

বৰপেটা 31 মে’ : বৰপেটা জিলাত দেওবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত হৈ ৬ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ সম্প্ৰতি জিলাখনত কৰ’ণাত মৃত লোকৰ সংখ্যা ৯২ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, বৰপেটাত দেওবাৰে ৩৫ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷

অৱশ্যে জিলাখনত দেওবাৰে নতুনকৈ ৪৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৫৫৯৪ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইপিনে এতিয়ালৈকে বৰপেটাত মুঠ ৩৩০৩ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ ইয়াৰ লগতে দেওবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২১৫৩ গৰাকী ৷

covid update
বৰপেটা জিলাৰ ক’ভিডৰ তথ্য

উল্লেখ্য যে, দেওবাৰে জিলা খনৰ বিভিন্ন ক’ভিড পৰীক্ষা কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰা লোকৰ সংখ্যা ৮৬৮ গৰাকী ৷ ইয়াৰে ৪৯ গৰাকী লোক কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হৈছে ৷ আনহাতে, দেওবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্তৰ হাৰ ৫.৬৪ শতাংশ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.