ETV Bharat / state

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি 6গৰাকী কোভিড-19 আক্ৰান্ত - 6 COVID-19 + admitted in FAAMCH in BARPETA

ইয়াৰে বৰপেটা জিলাৰ তিনিওজন লোক কয়াকুছি কোৱাৰেণ্টাইন কেন্দ্ৰত সাত দিনৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি হোম কোৱাৰেণ্টাইনত আছিল আৰু ঘৰত থকা অৱস্থাতে লোক তিনিজন কোভিড পজিটিভ বুলি চিনাক্ত হয় ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি 6গৰাকী কোভিড-19 আক্ৰান্ত

author img

By

Published : May 29, 2020, 11:18 PM IST

বৰপেটা, ২৯ মে' : বৰপেটা মেডিকেল কলেজ হস্পিতালত পুনৰ ভৰ্তি কৰা হৈছে ছয়গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী ৷ শুকুৰবাৰে ভৰ্তি কৰা কোভিড ১৯ পজিটিভ ৰোগীকেইগৰাকী হৈছে, ভৱানীপুৰ চৌধুৰী পাৰাৰ খৰ্গেশ্বৰ শীল (২৮), পাঠশালা চহৰৰ ৩ নং ৱাৰ্ডৰ নিশান্ত মেধি (২১), ভৱানীপুৰ চেংলিমাৰীৰ খৰ্মান্দৌ বড়ো ৷

কালি স্বাস্থ্যমন্ত্ৰী ড0 হিমন্তবিশ্ব শৰ্মাই বৰপেটাৰ এই তিনিজন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি সদৰি কৰিছিল ৷

ইপিনে ধুবুৰীৰ ছাগালখুটি গাৱৰ হাচেন আলী শ্বেখ (২৪), বঙাইগাও জিলাৰ চলাবিলৰ নজৰুল ইছলাম (২২), আৰু ধুবুৰী জিলাৰ গৌৰীপুৰৰ বিশ্বজিৎ ভৌমিককো (৪৮) আজি বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে ৷ এই আটাই কেইগৰাকী লোক বহিঃৰাজ্যৰ পৰা অসমলৈ আহি কোৱাৰেন্টাইনত আছিল ৷

ইয়াৰে বৰপেটা জিলাৰ তিনিওজন লোক কয়াকুছি কোৱাৰেণ্টাইন কেন্দ্ৰত সাত দিনৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি হোম কোৱাৰেণ্টাইনত আছিল আৰু ঘৰত থকা অৱস্থাতে লোক তিনিজন কোভিড পজিটিভ বুলি চিনাক্ত হয় ৷

ইপিনে বৰপেটা জিলাৰ তিনিওজন কোভিড ১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পিচতে তেওঁলোকৰ সান্নিধ্যলৈ অহা পৰিয়ালৰ লোকসকলকো সম্প্ৰতি কোৱাৰেন্টাইন কৰাৰ লগতে শ্বাব সংগ্ৰহ কৰা হ'ব ৷ আনহাতে তিনিওটা পৰিয়ালৰ ঘৰৰ এলেকাটো কন্টেইনমেন্ট জ'ন কৰা হ'ব বুলিও স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷ এই মূহুৰ্তত বৰপেটা মেডিকেল কলেজ হাস্পতালত ৩৩ গৰাকী কোভিড ১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.