বৰপেটা, ২ জুন : বৰপেটা জিলাত বুধবাৰৰ দিনটোত ক’ৰণাত আক্ৰান্তৰ হাৰ ২·৫৮ শতাংশ বুলি জানিব পৰা গৈছে । ইপিনে বুধবাৰৰ দিনটোত তথ্য মতে এজনো ক’ৰণাত আক্ৰান্ত ৰোগীৰো মৃত্যু হোৱা নাই জিলা খনত ৷ উল্লেখযোগ্য যে, জিলাখনত ক’ৰণাত আক্ৰান্ত হোৱা মৃত লোকৰ সংখ্যা বৰ্তমান ৯৫ গৰাকী হোৱাৰ বিপৰীতে বৰপেটাত বুধবাৰে ১৫১ গৰাকী ক’ৰণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ৷ অৱশ্যে জিলাখনত বুধবাৰে নতুনকৈ ৯৯ গৰাকী ক’ৰণাত আক্ৰান্ত হৈছে ৷
সম্প্ৰতি বৰপেটা জিলাত মুঠ ক'ভিড প'জিটিভ লোকৰ সংখ্যা ৫৯৬২ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে জিলাখনত মুঠ ৩৭৮৪ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ আনহাতে বুধবাৰৰ দিনটোতো ২০৩৭ গৰাকী ৰোগী বৰপেটাত চিকিৎসাধীন হৈ আছে ৷ ইপিনে বুধবাৰৰ দিনটোত জিলা খনত ক’ভিড পৰীক্ষা কৰা ৩৮৩৪ গৰাকী লোকৰ ভিতৰত ৯৯ ৰ দেহত ক’ভিড-19 পজিটিভ পোৱা যায় ৷
লগতে পঢ়কঃ দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন