ETV Bharat / state

সৰ্থেবাৰীত বহিঃৰাজ্যৰ পৰা অহা 50 গৰাকীলোকক কোৱাৰেন্টাইন ! - সৰ্থেবাৰী ৰাজহ চক্ৰ

সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত গোৱাৰ পৰা অহা 50 গৰাকী যাত্ৰীক কোৱাৰেন্টাইন কৰাৰ বিপৰীতে তিনিগৰাকী যাত্ৰীক হোম কোৱাৰেন্টাইন কৰা হৈছে ৷

quarentain centre
quarentain centre
author img

By

Published : Jun 1, 2020, 4:29 AM IST

বৰপেটা ৩১ মে' : বহিঃৰাজ্যৰ পৰা অহা লোকসকলক বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। দেওবাৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত প্ৰথমটো কোৱাৰেন্টাইন চেন্টাৰ মুকলি কৰা হৈছে । সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত 50 গৰাকী যাত্ৰীক কোৱাৰেন্টাইন কৰাৰ বিপৰীতে তিনিগৰাকী যাত্ৰীক হোম কোৱাৰেন্টাইন কৰা হৈছে বুলি জনায় ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মিৰেখা দেৱীয়ে ।

বহিঃৰাজ্যৰ পৰা অহা 50 গৰাকীলোকক কোৱাৰেন্টাইন

যাত্ৰী সকল গোৱাৰ পৰা বিশেষ ৰে'লযোগে বৰপেটাৰোডলৈ আহিছিল । বৰপেটা ৰোডৰ পৰা তিনিখন বাছেৰে কুকাৰপাৰলৈ অনা হয় যাত্ৰীসকলক । হোম কোৱাৰেন্টাইন কৰা তিনিগৰাকীৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলা, এগৰাকী যুৱতী আৰু এগৰাকী কন্যাশিশু বুলি জানিব পৰা গৈছে । সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত পাঁচটা কোৱাৰেন্টাইন চেন্টাৰ সাজু কৰা হৈছে বুলি চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : সন্ধানহীন পুত্ৰৰ ঠিকনা বিচাৰি পৰেশ বৰুৱালৈ আহ্বান এগৰাকী মাতৃৰ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.