ETV Bharat / state

কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ক’লা ব্যৱসায় !

author img

By

Published : Oct 6, 2020, 8:54 AM IST

কলগাছিয়াৰ মইনবড়ীত উদ্ধাৰ 480 বেগ চোৰাং চাউল ৷ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি দাসৰ জ্ঞাতসাৰে কলগাছিয়াত চাউল আৰু তেলৰ ক’লা ব্যৱসায় চলা বুলি অভিযোগ উত্তেজিত ৰাইজৰ ৷

480 begs of rice seized at Kalgachiya
কলগাছিয়াত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল

জনিয়া, 6 অক্টোবৰঃ কলগাছিয়াৰ মইনবড়ীত উদ্ধাৰ 480 বেগ চোৰাং চাউল ৷ সন্তোষ আগৰৱালা নামৰ লোকজনে বৰপেটা ৰোডত মালবাহী ট্ৰেইনৰ পৰা চাউলখিনি ভাৰ্তি কৰি এফ.চি.আইলৈ পঠাইছিল ট্ৰাকখন ৷ ইয়াৰ মাজতে বৰপেটা ৰোডৰ শিমলাগুৰিত ট্ৰাকখন ৰখাই চালকে চাহ-পানী খোৱাৰ উদ্দেশ্যে নামি যাওঁতেই চুৰি হয় চাওল ভৰ্তি ট্ৰাকখন ৷ সম্প্ৰতি চাউলখিনি উদ্ধাৰ হৈছে যদিও ট্ৰাকখনৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। ব্যৱসায়ী সন্তোষ আগৰৱালাই জনোৱা মতে ট্ৰাকখনত থকা হেণ্ডিমেনজন বৰ্তমানেও হৈ আছে পলাতক ।

আনহাতে,কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজে মইনবড়ীত দীৰ্ঘ দিনৰ পৰাই চাউলৰ এখন ক'লা বেহা চলি অহা সন্দৰ্ভত কৰিলে অৱগত ৷ কিন্তু ইয়াৰ বিপৰিতে ভাস্কৰজ্যোতি দাস নামৰ আৰক্ষী বিষয়াগৰাকীয়ে স্থানীয় ৰাইজকহে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হয় ৷ জনতাৰ এগৰাকী ৰক্ষকৰ এনে আচৰনত আচৰ্য প্ৰকাশ কৰি উত্তেজিত ৰাইজে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ ৷ আনহাতে, বিষয়া ভাস্কৰজ্যোতি দাসৰ জ্ঞাতসাৰেই অঞ্চলটোত চাউল আৰু তেলৰ ক’লা ব্যৱসায় চলি থকা বুলি অভিযোগ কৰিলে উত্তেজিত একাংশ স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.