ETV Bharat / state

কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত 3 জনৰ মৃত্যু - ক’ভিড ৰোগী

কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত 3 জনৰ মৃত্যু ৷ জিলাখনত এইপৰ্যন্ত কৰ’ণা আক্ৰান্ত হৈ মুঠ 48 গৰাকী লোকৰ মৃত্যু হৈছে ৷ মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 3537 গৰাকী ৷

3-people-died-in-barpeta-due-to-corona
কৰ’ণা আক্ৰান্ত হৈ বৰপেটাত 3 জনৰ মৃত্যু
author img

By

Published : May 18, 2021, 9:42 PM IST

বৰপেটা, ১৮ মে': ৰাজ্যত সংহাৰীৰূপ লৈছে কৰ’ণা মহামাৰীয়ে ৷ অপ্ৰতিৰোধ্য ৰূপত দৈনিক সংক্ৰমিত হৈ আছে মাৰাত্মক কৰ’ণা ভাইৰাছ ৷ যাৰ পৰিণতিত দৈনিক ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷

মঙলবাৰৰ দিনটোত বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হৈ ৩ গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি জিলাখনত এইপৰ্যন্ত কৰ’ণা আক্ৰান্ত হৈ 48 গৰাকী লোকৰ মৃত্যু হৈছে ৷

উল্লেখ্য যে, উক্ত দিনটোত জিলাখনত নতুনকৈ 157 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 108 গৰাকীকৈ কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ শেহতীয়া তথ্য অনুসৰি বৰপেটা জিলাত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 3537 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ইয়াৰে 1415 গৰাকীকৈ ৰোগী ইতিমধ্যে সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে ৷ আনহাতে জিলাখনৰ 2066 গৰাকী ক’ভিড ৰোগী বৰ্তমানো চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক : ক’ভিড পৰিস্থিতি সন্দৰ্ভত তিনিখনকৈ পৰ্যালোচনা বৈঠক কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.