ETV Bharat / state

Erosion of Beki river: বেঁকী নৈৰ বুকুত কলগাছিয়াৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথ জাহ যোৱাৰ সম্ভাৱনা - Erosion of Beki river

বেঁকী নৈৰ গৰাখহনীয়াত চপৰা-চপৰে খহিছে কলগাছিয়াৰ কৰাৰকুৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথ । যি কোনো মূহুৰ্ততে ২ নং বিকল্প ৰাজ্যিক ঘাইপথচোৱা বেঁকী নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে (Erosion caused by Beki river) ৷

Erosion caused by Beki river
বেঁকী নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা কলগাছিয়া ২ নং বিকল্প ৰাজ্যিক ঘাইপথ
author img

By

Published : Aug 2, 2022, 8:53 AM IST

জনিয়া, 2 আগষ্ট: বেঁকী নৈৰ গৰাখহনীয়াত চপৰা-চপৰে খহিছে কলগাছিয়াৰ কৰাৰকুৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথচোৱা । যি কোনো মূহুৰ্ততে ২ নং বিকল্প ৰাজ্যিক ঘাইপথচোৱা বেঁকী নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । এনে এক বিপদসংকুল পৰিস্থিতিত আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে (Erosion caused by Beki river) ৷

আনহাতে, বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে দিনে-নিশাই কাম কৰি আছে যদিও সময়মতে আৰু সঠিকভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰাৰ বাবেই আজি এই গুৰুত্বপূৰ্ণ পথটো গৰাখহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হোৱাৰ পথত বুলি অভিযোগ কৰিছে ৰাইজে । ইফালে, সোমবাৰে দিনৰ পৰাই আৰম্ভ হোৱা বেঁকী নৈৰ বাঢ়নী পানীৰ কোবাল সোঁতে সম্পূৰ্ণ ভাৱে খহাই নিলে ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ পুৰণি পথটো (Erosion of Beki river at Kalgachia) ।

বেঁকী নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা কলগাছিয়া ২ নং বিকল্প ৰাজ্যিক ঘাইপথ

ইয়াৰ পাচতো স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত অঞ্চলটোৰ লোকসকলে অসহায় অনুভৱ কৰা পৰিলক্ষিত হৈছে ৷ ভয় তথা শংকাত দিন পাৰ কৰা ৰাইজে সেয়েহে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি তেওঁলোকৰ জীৱন সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা প্ৰশাসনক আহ্বান জনাইছে ৷

উল্লেখযোগ্য যে, বেকী নদীৰ সুঁতিত একাংশ লোকে অবৈধভাৱে মাটি খনন কৰাৰ বাবেই খহনীয়াৰ তাণ্ডৱ বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক: Massive Fire in Jabalpur Hospital : জব্বলপুৰৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডত নিহত ১০ জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.