বৰপেটা, 8 মে': বৰপেটা জিলাত শনিবাৰৰ দিনটোত ১৭৪ জন লোক ক'ভিডত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে ৷ জিলাখনত শনিবাৰৰ দিনটোত ২৪৭৯ গৰাকীকৈ ব্যক্তিৰ কৰ’ণাৰ পৰীক্ষা কৰা হয় ৷ শনিবাৰৰ দিনটোলৈকে বৰপেটা জিলাত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৫ জনলৈ বৃদ্ধি পালে ৷
ইপিনে শনিবাৰৰ দিনটোত বৰপেটাত মৃত্যু হয় ২ গৰাকী কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ ৷ জিলাখনত ২ গৰাকী ৰোগীৰ মৃত্যুৰ ফলত কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ গৰাকীলৈ বৃদ্ধি পালে ৷ শেহতীয়া তথ্য অনুসৰি বৰপেটাত ৫৯৪ গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে শনিবাৰৰ দিনটোত চিকিৎসাধীন ৰোগীৰ সংখ্যা ১৪৪৬ গৰাকী ৷
লগতে পঢ়ক : দিল্লীত হাইভল্টেজ বৈঠকৰ পিচতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া