জনীয়া, 5 জুলাইঃ বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়া আৰক্ষী থানা খনত ইতিমধ্যে আৰক্ষী বিষয়াকে ধৰি মুঠ ১৯ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ফলত স্তব্ধ হৈ পৰিছে থানা খনৰ কাম-কাজ ৷
![19 New COVID-19 Positive Case At Kalgasia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7906127_kl.jpg)
কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাস সহ মুঠ ১৯ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আক্ৰান্ত হোৱা লোক কেইজনৰ ভিতৰত আছে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষী কনিষ্টবল আৰু গৃহৰক্ষীৰ জোৱান । স্বাৱ পৰীক্ষাৰ অন্তত দেওবাৰে আটাইকেইগৰাকীৰে ফলাফল পজিটিভ ওলাইছে বুলি ৰিপৰ্ট লাভ কৰে । উল্লেখ্য যে, এসপ্তাহ আগতে আমছেৰ আলী নামৰ এজন গৃহৰক্ষী জোৱানৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি । তাৰোপৰি কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আন কৰ্মচাৰীৰ দেহতো ধৰা পৰিছে কৰ'ণা পজিটিভ । উক্ত ঘটনাটোৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়ক- কচুৱা আৰক্ষী থানাত দুজনৰ দেহত COVID-19