ETV Bharat / state

লাচাংগাত ভয়াৱহ কৃত্ৰিম বানত গৃহবন্দী 100 টা পৰিয়াল - কলগাছিয়াত কৃত্ৰিম বান

কলগাছিয়াৰ লাচাংগা গাঁৱত ভয়াৱহ কৃত্ৰিম বান (Artificial Flood) ৷ বিগত 20 দিন ধৰি গৃহবন্দী হৈ আছে গাঁওখনৰ 100 টাকৈ পৰিয়াল ৷ কৃত্ৰিম বানে যমৰ যাতনা ভোগাইছে গাঁওবাসীক ৷

artificial-flood-at-lachanga
লাচাংগাত ভয়াৱহ কৃত্ৰিম বান
author img

By

Published : Jul 9, 2021, 2:22 PM IST

জনীয়া, 9 জুলাই : বৰপেটা জিলাৰ কলগাছিয়াৰ লাচাংগা গাঁৱত প্ৰভাৱ পৰিছে ভয়াৱহ কৃত্ৰিম বান (Artificial Flood)ৰ ৷ কৃত্ৰিম বানৰ ফলত বিগত 20 দিন ধৰি গৃহবন্দী হৈ আছে গাঁওখনৰ 100 টাকৈ পৰিয়াল ৷ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ ভুক্তভোগী ৰাইজে কলগছেৰে সজা ভেলত উঠি বিপজ্জনক যাতায়াত কৰিবলগীয়া হৈছে ৷ গৃহবন্দী হৈ পৰাৰ ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে ৷

লাচাংগাত ভয়াৱহ কৃত্ৰিম বান

উল্লেখ্য যে, কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানি পথৰ পৰা লাচাংগা মালেক মাষ্টৰৰ ঘৰলৈ যোৱা পথটোত এটা কালভাৰ্ট আছিল ৷ কিন্তু বিগত বৰ্ষত কালভাৰ্টটো ভাঙি দি পানী ওলাই যোৱা বাট বন্ধ কৰি পথ নিৰ্মাণ কৰাৰ ফলত সৃষ্টি হৈছে এই কৃত্ৰিম বান পৰিস্থিতিৰ । স্থানীয় ৰাইজে জনপ্ৰতিনিধি আৰু প্ৰশাসনক পানী উলিয়াই দিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে । যাৰ ফলস্বৰূপে ঘৰৰ চোতালত এককাল পানীত এইদৰে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে গাঁওবাসী ৷

পৰিয়াল কেইটাৰ শিশু সঘনাই পানীত পৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে নানা বেমাৰ-আজাৰে দেখা দিয়া পৰিলক্ষিত হৈছে । কৃত্ৰিম বানৰ ফলত ৰন্ধা-বঢ়া, খোৱা-বোৱা, গৰু-ছাগলীকে ধৰি বিভিন্ন সমস্যাত ভুগিছে ভুক্তভোগী ৰাইজে । উপায়হীন হৈ শীঘ্ৰেই গাঁৱৰ পৰা পানী উলিয়াই দিবলৈ প্ৰশাসনক দাবী জনাইছে গৃহবন্দী পৰিয়ালকেইটাই ৷

বানৰ লগতে এই কৃত্ৰিম বানেও জ্বলা-কলা খুৱাইছে গাঁও অঞ্চলৰ লোকসকলক ৷ ৰাজ্যত সঘনাই হৈ থকা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ভুক্তভোগী ৰাইজৰ মাজত ৷ সেয়েহে অচিৰেই জনপ্ৰতিনিধি কিম্বা স্থানীয় বিধায়কক কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগী লোকসকলে ৷

লগতে পঢ়ক : টীয়কৰ কণ্টেইনমেণ্ট জ'নত খাদ্য সংকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.