ETV Bharat / state

যোগাসনৰ জৰিয়তে বিশ্ব অভিলেখ বাক্সাৰ পুষ্কৰ নেৱাৰৰ

author img

By

Published : Aug 13, 2020, 8:39 PM IST

যোগাসনৰ জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বাক্সাৰ এগৰাকী যুৱকে ৷ ২১ জুনত বিশ্ব যোগ দিৱস উপলক্ষে অনলাইনযোগে অনুষ্ঠিত হোৱা যোগাসনৰ এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Yoga World Book Record ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে নাগ্ৰীজুলিৰ চাহপুৰ গাঁৱৰ পুষ্কৰ নেৱাৰে ৷

পুষ্কৰ নেৱাৰ
পুষ্কৰ নেৱাৰ

বাক্সা, 13 আগষ্ট: বিশ্ব ত্ৰাসৰ সৃষ্টি কৰ'ণা মহামাৰীৰ ফলত সম্প্ৰতি ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে বহু লোক ৷ আনহাতে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ স্বাৰ্থত ৷ কিন্তু এই সময়খিনিক অথলে যাবলৈ নিদিলে বাক্সা জিলাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ চাহপুৰ গাঁৱৰ এগৰাকী উদীয়মান যুৱক পুষ্কৰ নেৱাৰে ৷ লক ডাউনৰ মাজতে যুৱকগৰাকীয়ে ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷

যোগাসনৰ জৰিয়তে বিশ্ব অভিলেখ বাক্সাৰ পুষ্কৰ নেৱাৰৰ

চাহপুৰ গাঁৱৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ পুষ্কৰ নেৱাৰে যোগাসনৰ জৰিয়তে Yoga World Book Record ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ অসাধাৰণ যোগাভ্যাসৰ জৰিয়তে তেওঁ নিজৰ নাম সেই বিশ্ব অভিলেখত খোদিত কৰিবলৈ সক্ষম হৈছে ৷ পুস্কৰ নেৱাৰে জানিবলৈ দিয়া অনুসৰি, ৰাজস্থানৰ অখিল ভাৰতীয় যোগ মহা সংঘই ২১ জুনত বিশ্ব যোগ দিৱস উপলক্ষে অনলাইনযোগে অনুষ্ঠিত কৰিছিল যোগাসনৰ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰায় ১২৩৯৯ গৰাকী প্ৰতিযোগীয়ে ৷ সেই সকলো প্ৰতিযোগীকে চেৰ পেলাই শীৰ্ষত উজ্বলিবলৈ সক্ষম হ'ল বাক্সাৰ যুৱকগৰাকী ৷ যুৱকগৰাকীৰ সফলতাত তেওঁৰ পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৷ চাহপুৰ গাঁৱৰ নিবাসী গংগা নেৱাৰ আৰু ৰূপা নেৱাৰৰ জ্যেষ্ঠ পুত্ৰ পুষ্কৰে যোগাভ্যাস প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যোগাচাৰ্য জ্যোতিষ কলিতাৰ ওচৰত ৷

লগতে পঢ়ক: ৭২ বছৰীয়া অধ্যাপক বহিল বিবাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.