ETV Bharat / state

World Rhino day:মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন - বাহঁবাৰী বনাঞ্চল

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস উদযাপন ৷ চোৰাং চিকাৰীৰ পৰা উদ্যানখন উদ্ধাৰৰ সংকল্প ৰাইজ আৰু উদ্যান কৰ্তৃপক্ষৰ ৷

World Rhino day observed in assam
বিশ্ব গঁড় দিৱস পালন
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:40 PM IST

Updated : Sep 22, 2023, 10:36 PM IST

বিশ্ব গঁড় দিৱস পালন

বাক্সা, ২২ ছেপ্টেম্বৰ : 22 ছেপ্টেম্বৰ শুকুৰবাৰ বিশ্ব গঁড় দিৱস ৷ গঁড়ৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে উদযাপন কৰা হৈছে গঁড় দিৱস ৷ শুকুৰবাৰৰ দিনটোত মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেইটামান গঁড়ৰ মুক্ত বিচৰণে সকলোকে আমোদ দিবলৈ সক্ষম হয় ৷ প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত পালন কৰা হয় বিশ্ব গঁড় দিৱস ৷ এইবাৰো উদ্যানখনৰ বাহঁবাৰী বনাঞ্চলৰ উদ্যোগত কাহিতামাত উদযাপন কৰা হৈছে গঁড় দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সভা আহ্বান কৰা পৰিলক্ষিত হয় ৷

22 ছেপ্টেম্বৰৰ দিনটোৰ ঘোষণা ২০১০ চনত ডব্লিউ ডব্লিউ এফ-দক্ষিণ আফ্ৰিকাৰ দ্বাৰা কৰা হৈছিল । আন্নামিটিচি প্ৰতিষ্ঠাপক তথা জিম্বাবোৱেৰ চিচাকৱে ৰেঞ্চৰ গৰাকী লিছা জেন কেম্পবেলে ২০১১ চনত অনুষ্ঠানটোৰ সৃষ্টিশীল পৰিচালক ৰিশজা কোটাৰ সৈতে মিলিত হৈ পাঁচোটা প্ৰজাতিৰ গঁড় বিলুপ্তিৰ পৰা সংৰক্ষণ বা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছিল । বাৰ্ষিক গঁড় দিৱসৰ উদযাপনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছিল ।

বিশ্ব গঁড় দিৱস প্ৰথমবাৰৰ বাবে ২০১১ চনত পালন কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ইয়াক বিশ্বজুৰি পালন কৰা হৈছে । চোৰাং চিকাৰ, জলবায়ু পৰিৱৰ্তন আৰু তেওঁলোকৰ প্ৰাকৃতিক পৰিৱেশত হোৱা বিভ্ৰান্তিৰ ফলত গঁড় বিলুপ্ত হোৱাৰ আশংকা আছে । আজিৰ এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটোৱে বিশ্বজুৰি গঁড়ৰ প্ৰজাতিৰ সুৰক্ষা আৰু যত্নৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বর্তমান সময়ত তিনিটা প্ৰজাতিৰ গঁড় - কলা, জাভান আৰু সুমাত্ৰা গুৰুতৰভাৱে বিপদাপন্ন বুলি কোৱা হয় ৷ শুকুৰবাৰে মানাহৰ দাঁতি কাষৰীয়া লাবদাংগুৰীত অনুষ্ঠিত হোৱা বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয় ৷ সভাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া অভিনৱ বৰুৱা, কাহিতামা বীটৰ বন বিষয়া ৰাজেন দাস, উত্তৰ খাৰিজা বিজনী ভিচিডিচিৰ অধ্যক্ষ মনোজ গয়াৰী, সমাজকৰ্মী শোভন নাথ প্ৰমুখ্য ব্যক্তিসকল উপস্থিত থাকে ৷

আজিৰ সভাত মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এখন সজাগতামূলক বন্যপ্ৰাণী সম্পৰ্কীয় তথ্যচিত্ৰ প্ৰদৰ্শন কৰে ৷ সভাত অঞ্চলটোৰ বৃহৎ সংখ্যক মহিলাকে ধৰি বহু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Protest in Baksa:নামেৰে ব্যতিক্ৰমী ধৰ্ণা নামতীৰ, ভগৱানে তেওঁলোকক সুমতি দিয়ক

Last Updated : Sep 22, 2023, 10:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.