ETV Bharat / state

ঋণ ৰেহাইৰ দাবীত বাক্সাত উত্তাল প্ৰতিবাদ

মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ৰেহাইক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে ৷ বুধবাৰে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদত নামিল বাক্সা জিলাৰ বহু মহিলা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ঋণ ৰেহাই দিবলৈ অনুৰোধ জনাইছে ৷

author img

By

Published : Jun 16, 2021, 10:22 PM IST

Women protest in Baksha demanding waiver of Microfinance loans At Baksha
ঋণ মাফ কৰাৰ দাবীত বাক্সাত উত্তাল প্ৰতিবাদ

বাক্সা,16 জুন : ৰাজ্যজুৰি অব্যাহত আছে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা মহিলাৰ প্ৰতিবাদ । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ এন কে দৰংগাতো বুধবাৰে ঋণ ৰেহাইৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক মহিলাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarmah)ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷

2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুৰ্হুতত বিজেপি (BJP) নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্বাচনী সভাসমূহত বিশেষভাৱে মাইক্ৰ’ফাইনেঞ্চ (Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত অসমৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ 2021 চনৰ নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিলে চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ কথা । কিন্তু নিৰ্বাচনী যুঁজত জয়ী হৈ সকলো প্ৰতিশ্ৰুতি পাহৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অভিযোগ উত্থাপন কৰিছে মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ ঋণ মুক্ত কৰাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত বান্ধি দিছে ৷ চৰ্ত অনুসৰি ঋণ ৰেহাইৰ ক্ষেত্ৰত ঋণ লোৱা পৰিয়ালৰ বাৰ্ষিক আয় এক লাখ টকা হ'ব লাগিব ৷ পৰিয়ালটোত এজনতকৈ বেছি ঋণ লোৱা ব্যক্তি থাকিব নোৱাৰিব ৷

এই ক্ষেত্ৰত চৰকাৰৰ যি ৰিজাৰ্ভ বেংক (RBI)ৰ গাইডলাইন মতে ঋণ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি জাঙুৰ খাই উঠে । নিৰ্বাচনৰ সময়ত কোনোধৰণৰ ৰিজাৰ্ভ বেংক (RBI)ৰ গাইডলাইনৰ কথা নাছিল, গতিকে অতি শীঘ্ৰেই মাইক্ৰ’ফাইনেঞ্চেৰ ঋণ মাফ কৰাৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-মৰিগাঁৱত উৎকোচ লৈ ৰঙাঘৰত সোমাল কোষাগাৰৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.