ETV Bharat / state

বাক্সাত নিৰ্বাচনী ৰণশিঙা বজালে বিপিএফৰ মহিলা গোটে

বাক্সাৰ অদালবাৰীত শুকুৰবাৰে অনুষ্ঠিত হোৱা বিপিএফৰ মহিলা গোটৰ নিৰ্বাচনী সমাৰোহত বিপিএফৰ নেত্ৰী ড৹ অঞ্জলী প্ৰভা দৈমাৰীৰ মন্তব্য ৷ 15 বছৰত বিপিএফ দলে বিটিএডিত কি কাম কৰিছে সকলোৱে দেখিছে বুলি তেওঁ মন্তব্য কৰে ৷

women bpf election campaign in baksa
বাক্সাত নিৰ্বাচনী ৰণশিঙা বজালে মহিলা বিপিএফ দলে
author img

By

Published : Nov 13, 2020, 9:43 PM IST

বৰমা,13 নৱেম্বৰ : শুকুৰবাৰে বাক্সাৰ অদালবাৰীত অনুষ্ঠিত হোৱা বিপিএফৰ মহিলা গোটৰ নিৰ্বাচনী সমাৰোহত ভাগ লৈ বিপিএফৰ নেত্ৰী ড৹ অঞ্জলী প্ৰভা দৈমাৰীয়ে দলৰ কামক লৈ মন্তব্য আগবঢ়ায় ৷

তেওঁ কয় যে,‘‘বিপিএফ দলে কাম কৰা নাই বুলি মই এতিয়াও কম,কিন্তু বিটিএডিত একো কাম কৰা নাই বুলি মই কোৱাটো ভুল হ’ব ৷ কিয়নো মানুহ মাত্ৰেই উচ্চ অভিলাষী ৷ আজি যদি কিবা অভাৱ পূৰণ হৈছে,আকৌ পিছদিনা আৰু বেলেগ অভাৱে দেখা দিব’’ ৷

women bpf election campaign in baksa
বাক্সাত নিৰ্বাচনী ৰণশিঙা বজালে মহিলা বিপিএফ দলে

স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হ’ল; কিন্তু আজিলৈকে ভাৰতবৰ্ষৰ একাংশ কোণত কোনো উন্নয়ন হোৱা নাই আৰু সেইদৰে অসমতো আজিলৈকে যাতায়ত ব্যৱস্থা সম্পূৰ্ণ হোৱা নাই ৷ 15 বছৰত বিপিএফ দলে বিটিএডিত কি কাম কৰিছে সকলোৱে দেখিছে বুলি তেওঁ মন্তব্য কৰে ৷

উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে বিপিএফ দলৰ সভাপতি তথা হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্মৰ লগতে দলৰ বিভিন্ন বিভাগীয় সদস্য-সদস্যাসকল ৷

লগতে পঢ়ক : মাইক্ৰ'ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.