বৰমা, 30 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বাক্সাৰ এগৰাকী 3 সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে, মহিলা গৰাকী নিৰুদ্দেশ হোৱাৰ পিচতে পৰিয়ালৰ লোকে মহিলা গৰাকী লাভ জেহাদৰ কবলত পৰাৰ আশংকা প্ৰকাশ কৰিছে ।
আনহাতে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, বাক্সা জিলাৰ নৱস্তি শিমলাবাৰীৰ গিৰীশ ৰাজবংশীৰ পত্নী মনিষা ৰাজবংশীয়ে 25 আগষ্টত নলবাৰীত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত মাহেকীয়া মাচুল দিবলৈ যোৱাৰ পৰাই ঘৰলৈ উভতি অহা নাই বুলি পৰিয়ালৰ লোকে জানিব দিয়ে । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে মহিলা গৰাকীয়ে লগত নিয়া 6900249865 ম'বাইল নম্বৰত যোগাযোগ কৰে যদিও ইতিমধ্যে ম'বাইল অফ হৈ থকাত আৰু অধিক শংকা ঘনীভূত হৈছে পৰিয়ালৰ মাজত ।
ইতিমধ্যে, এই ঘটনাৰ পিচতে পৰিয়ালৰ লোকে বাগানপাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈ কোনো ধৰণৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : চুৰি সামগ্ৰী সহ আৰক্ষীৰ জালত ৬ গভাইত চোৰ