বৰমা, 5 জানুৱাৰীঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ডুমনীৰ বনগাঁৱত (লাংদাংপাৰা) শনিবাৰে ভাৰতীয় সীমা সুৰক্ষা জোৱানৰ দ্বাৰা 50 খন গাঁৱৰ ৰাইজক খোৱাপানীৰ সুবিধা কৰি অগভীৰ নলীনাদ আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰা হয় ৷ ৰঙীয়াস্থিত 27 বি.এন(এছ.এছ.বি.)ৰ উপ মহাপৰিদৰ্শক দবলিও ইবি নৰবুৱে এই অগভীৰ নলীনাদৰ শুভ উন্মোচন কৰে ৷
উল্লেখ্য যে, ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে বিভিন্ন সময়ত ৰাইজক নিৰ্মল খোৱা পানীৰ ব্যৱস্থা কৰি আহিছে ৷ উপ মহাপৰিদৰ্শক দবলিও ইবি নৰবুৱে জনোৱা অনুসৰি ভাৰত ভূটান সীমান্তত বসবাস কৰা ৰাইজৰ সুবিধাৰ্থে এছ.এছ.বিয়ে স্বাস্থ্য পৰীক্ষা, বিনামূলীয়াকৈ ঔষধ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন সুবিধা ইত্যাদি দি আহিছে ৷ শনিবাৰৰ এই অগভীৰ নলীনাদ উন্মোচনত চাপাগুৰী সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, হাউলীস্থিত 27 বি.এছ.বি.সীমা সুৰক্ষা বাহিনীৰ কাৰ্যবাহী কামাণ্ডেন্ট অচিন্ত মিত্ৰ, বনগাঁও এছ.এছ.বি. কেম্পৰ কামাণ্ডিং তপন আচাৰ্যা, এছ.এছ.বি(মইনাগুৰী) কাৰ্যবাহী কামাণ্ডেন্ট বিনোদ কুমাৰ দাসৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷ এই উন্মোচনী সভাত স্থানীয় ৰাইজে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ৷
লগতে পঢ়ক - কামপুৰত আৰু গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ