ETV Bharat / state

নদী খননে প্ৰাণ ললে স্কুলীয়া শিশুৰ! - বৰমাত অঘটন

পাগলদিয়াত গা ধুবলৈ গৈ মৃত্যুক সাৱতিলে 11 বছৰীয়া ছাত্ৰই

পানীত পৰি সলিল সমাধি ছাত্ৰৰ
author img

By

Published : Mar 22, 2019, 7:30 PM IST

বাক্সা, 22 মাৰ্চ: আবিৰৰ ৰঙত ৰাজ্যবাসী মতলিয়া হৈ থকাৰ সময়তে বাক্সা জিলাৰ বৰমাত অঘটন ৷ পাগলদিয়া নদীত গা ধুবলৈ গৈ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কালজাৰ গাৱৰ ৰবেন স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ মুন্না স্বৰ্গীয়াৰীৰ সলিল সমাধি ঘটে ৷ ফাকুৱাৰ ৰং খেলি উঠি সমনীয়াৰ লগত মৰাপাগলদিয়া নদীলৈ গা ধুবলৈ গৈছিল মুন্না ৷ গা ধুবলৈ গৈ নদীৰ দ-খাৱৈত হঠাৎ মুন্নাৰ লগতে সমনীয়াকেইজনে গাঁতত সোমাই পৰে আৰু পানীৰ ভিতৰতে আবদ্ধ হৈ পৰে ৷ বহু সময় ধৰি পানীৰ পৰা উঠি আহিবলৈ চেষ্টা কৰি মুন্নাৰ বন্ধুকেইজনে দ-খাৱৈৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও মুন্না ৰৈ যায় দ-খাৱৈত ৷ অৱশেষত স্থানীয় ৰাইজক খৱৰ দিয়াত মুন্নাক খাৱৈৰ পৰা উঠাই আনি ততাতৈয়াকৈ বৰমা আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় কিন্তু চিকিৎসকে মুন্নাক মৃত বুলি ঘোষণা কৰে ৷

পানীত পৰি সলিল সমাধি ছাত্ৰৰ

উল্লেখযোগ্য যে পাগলদিয়া নদীত ভবেন তালুকদাৰ নামৰ ঠিকাদাৰ এজনে চৰকাৰৰ বিনা অনুমতিত নদীত খনন কাৰ্য্য চলাই আৰু খননৰ ফলত দ-খাৱৈ সৃষ্টি হৈ পৰে ৷ যাৰ বাবে কৰুণ মৃত্যুক সাৱতি লবলগীয়া হয় 11 বছৰীয়া মুন্না নামৰ কণমাণি ছাত্ৰটোৱে ৷ স্থানীয় ৰাইজে অতি শীৰ্ঘে এই খনন কাৰ্য বন্ধ কৰিবলৈও দাবী জনাই ৷

Intro:পানীত পৰি ছাত্ৰৰ কৰুণ মৃত্যুBody:ফাকুৱা ৰং খেলি নদীত গা ধুৱাবলৈ গৈ ছাত্ৰৰ শোকাবহ মৃত্যুঃ
বাক্সা জিলাৰ বৰমাত নদীত গা ধুবলৈ গৈ এজন ছাত্ৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চল শোকৰ ছা পৰিছে ৷ বৰমা আৰক্ষী থানা অন্তৰ্গত ২ নং কালজাৰ গাৱৰ ৰবেন স্বৰ্গীয়াৰীৰ একমাত্ৰ পুত্ৰ মুন্না স্বৰ্গীয়াৰীয়ে আজি ৰাতিপুৱা লগৰীয়াৰ সৈতে হোলীৰ ৰং খেলিবলৈ যায় ৷ ৰং খেলি বৰমাত থকা মৰাপাগলদি নদীত তেওঁলোকে গা ধুই থাকোতে হঠাৎ মুন্না স্বৰ্গীয়াৰী দ খাৱৈত পৰি যায় আৰু পানীৰ ভিতৰতে আবদ্ধ হৈ থাকে ৷ স্থানীয় ৰাইজে বহু সময় বিচাৰি অৱশেষত পায় আৰু ততাতৈয়াকৈ বৰমা আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লৰাজনক মৃত বুলি ঘোষণা কৰে ৷
Conclusion:উল্লেখ্য যে উক্ত স্থানত ভবেন তালুকদাৰ নামৰ ঠিকাদাৰ জনে চৰকাৰৰ বিনা অনুমতিত খনন কাৰ্য্য চলাই আহিছে ৷ এই ক্ষেত্ৰত আৰক্ষী প্ৰসাসনে চকুমুদা কুলিৰ ভাও ধৰি আহিছে ৷ খনন কাৰ্য্য বন্ধ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷
BYTE: স্থানীয় ৰাইজ
BYTE: চিকিৎসক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.