ৰঙিয়া, 28 ছেপ্টেম্বৰ : মাংসৰ দোকানেৰে পৰিয়াল পোহপাল দিছে এগৰাকী নাৰীয়ে ৷ ৰঙিয়াৰ চ'ছাইটি চকৰ দৈনিক বজাৰত মাংস বিক্ৰী কৰি নিজৰ পাঁচজনীয়া পৰিয়াল পোহপাল দি আছে বীণা দাস নামৰ এগৰাকী মহিলাই ৷
এগৰাকী নাৰীয়ে কৰো বুলি কলে অসাধ্য একো নাই। এই কথাষাৰ সত্যতা প্ৰমান কৰিছে ৰঙিয়াৰ বীণা দাসে ৷ প্ৰায় এবছৰ পূৰ্বে এক দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈছিল বীণাৰ স্বামী । তেতিয়াৰ পৰাই ঘৰখনৰ সমস্ত দায়িত্ব লৈ পাতৰ কাপোৰ বৈছিল বীণাই । কিন্তু সেই উপাৰ্জনেৰে কোনোমতে ঘৰখন চলোৱা বীণাই লকডাউনৰ সময়ত উপায়বিহীন হৈ পৰিছিল ।
সাধাৰণতে মহিলাক মাংসৰ দোকান দিয়া দেখা নাযায় যদিও শেষত লাজ ভয় কাটি কৰি বীণাই বজাৰত পূৰ্বে স্বামীয়ে দিয়া মাংসৰ দোকানখন আকৌ আৰম্ভ কৰিলে । প্ৰথমে কিছু অসুবিধা আৰু আশংকাই মনত বাহ লৈছিল যদিও বৰ্তমান বীণা সম্পূৰ্ণ স্বাৱলম্বী হৈ উঠিছে । কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ নকৰি বীণাই নিজ হাতে মাংস কাটি বিক্ৰী কৰে । দোকানখনৰ উপাৰ্জনেৰে পৰিয়ালটো পোহপাল দিয়াৰ লগতে সন্তানৰ পঢ়া আৰু স্বামীৰ চিকিৎসাৰ খৰচ সুচাৰুভাৱে কৰিবলৈ সক্ষম হৈছে বীণা । স্বামীৰ দুৰ্ঘটনাত হঠাতে নামি অহা দুঃসময়ৰ লগত সাহসেৰে মুখামুখি হৈ আনৰ সহায়ৰ বাবে বাট নাচাই সংসাৰৰ বোজা নিজৰ মুৰত তুলি লোৱা বীণা দাস হৈছে সমাজৰ বাবে এক সুন্দৰ নিদৰ্শন ৷
লগতে পঢ়ক :বহিঃৰাজ্যত আটক বঙাইগাঁৱৰ জালনোট ব্যৱসায়ী