ETV Bharat / state

বৰমাত ইউপিপিএল দলৰ স্বচ্ছ অভিযান

ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বড়োভূমিত ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ ৷ কোনোৱে যদি চাইকেল ৰেলী উলিয়াইছে তেনেহলে আন কোনোৱে আকৌ গ্ৰহণ কৰিছে স্বচ্ছতাৰ কাৰ্যসূচী ৷ সোমবাৰে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই শতাধিক সমৰ্থকক লগত লৈ বৰমাত স্বচ্ছ অভিযান কাৰ্যসূচী হাতত লয় ৷

author img

By

Published : Nov 9, 2020, 6:53 PM IST

As_01_baksa_Transparent_campaign_img_10029
বৰমাত ইউপিপিএল দলৰ স্বচ্ছ অভিযান

বৰমা,৯ নবেম্বৰঃভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বড়োভূমিত ৰাজনৈতিক দলসমূহে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ ৷ কোনোৱে যদি চাইকেল ৰেলী উলিয়াইছে তেনেহলে আন কোনোৱে আকৌ গ্ৰহণ কৰিছে স্বচ্ছতাৰ কাৰ্যসূচী ৷ সোমবাৰে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই শতাধিক সমৰ্থকক লগত লৈ বৰমাত স্বচ্ছ অভিযান কাৰ্যসূচী হাতত লয় ৷

হাতে হাতে ঝাডু, কোৰ লৈ বৰমাৰ পদুলি সমুহ চাফা কৰা দেখা পোৱা গ'ল ইউপিপিএলৰ কৰ্মীসকলক ৷ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই মন্তব্য কৰে যে, ইউপিপিএল দলে ইতিমধ্যে এনেধৰণৰ কাৰ্যসূচী প্ৰত্যেক গাঁৱতে লৈছে ৷ এইবাৰ পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰি ২৪নং মুছলপুৰ পৰিষদীয় সমষ্টিত এইবাৰ বিপিএফ দল একেবাৰে শূণ্য বুলিও কয় প্ৰাৰ্থীগৰাকীয়ে ৷

ইপিনে,মুছলপুৰ জিলা ইউপিপিএল দলৰ সভাপতি বাপন বড়োৱে কয় যে,নিৰ্বাচনৰ পূৰ্বেই বিপিএফ দল হাৰিছে আৰু মানসিকভাৱে ভাগি পৰি দুৰ্বল ব্যক্তি সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ তদুপৰি সভাপতিগৰাকীয়ে বিপিএফ দলক সতৰ্ক কৰি ইউপিপিএল দলক দুৰ্বল বুলি ভৱাটো ভুল বুলি কয় ৷আনহাতে, ৰাজ্যৰ আৰক্ষী প্ৰশাসনকো এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সকীয়াই দিয়ে মুছলপুৰ জিলা ইউপিপিএল দলৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক আওকাণ কৰি মহানগৰীত মজুত ফটকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.