বাক্সা, 3 অক্টোবৰ :বাক্সাৰ কুমাৰীকাটা আঙাৰকাটা বিনোৱাপুৰত ইউ পি পি এল দলৰ নিৰ্বাচনী সভা । বিটিচি পৰিষদীয় নিৰ্বাচন বৰ্তমানলৈকে অনিশ্চয়তাত আছে যদিও এতিয়াও বিভিন্ন ৰাজনৈতিক দলবোৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ।
শনিবাৰে বাক্সা জিলাৰ ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিতৰ আঙাৰকাটা বিনোৱাপুৰত ইউ পি পি এল দলৰ নিৰ্বিচনী সভা অনুষ্ঠিত হয় । দৰঙাজুলি ইউ পি পি এল দলৰ ব্লকৰ সভাপতি কমলেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে ইউ পি পি এল দলৰ দৰঙাজুলি সমষ্টিৰ প্ৰাৰ্থী ফুনিন্দ্ৰ নাৰ্জাৰী লগতে দলৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই উপস্থিত থাকে ।
জানিব পৰা মতে, বৃহত্তৰ আঙাৰকাটা বিনোৱাপুৰ অঞ্চলটোত বিপিএফ দলে ভোট বেংক হিচাবে বিগত ১৫ বছৰে লাভ কৰি আছিল যদিও এইবাৰ উক্ত অঞ্চলত বিজেপি আৰু ইউ পি পি এল দলৰ প্ৰৱেশ ঘটাৰ ফলত বিপিএফ দলৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে । উল্লেখ্য যে, আজিৰ সভাতে ইউ পি পি এল দলত প্ৰায় শতাধিক স্থানীয় লোকে যোগদান কৰে ।
লগতে পঢ়ক : অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এগৰাকী ভাস্কৰ্য শিল্পী