ETV Bharat / state

বিটিচি নিৰ্বাচনত আসন সংৰক্ষণৰ ঘোষণা ইউপিপিএলৰ

বিটিচি নিৰ্বাচনত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব ইউপিপিএল দলেঃ বিনা গয়াৰী ৷

author img

By

Published : Aug 20, 2020, 1:58 AM IST

বিটিচি নিৰ্বাচনত আসন সংৰক্ষণৰ ঘোষণা ইউপিপিএলৰ
বিটিচি নিৰ্বাচনত আসন সংৰক্ষণৰ ঘোষণা ইউপিপিএলৰ

বৰমা, 19 আগষ্ট : বিটিএডিত পৰিষদীয় নিৰ্বাচনৰ কুজকাৱাজ তীব্ৰতৰ হৈছে ৷ প্ৰত্যেক দলেই ৰাইজৰ মাজলৈ গৈ নিজৰ নিজৰ দলৰ কৰ্মপদ্ধতি সমূহ ৰাইজৰ আগত অৱগত কৰা পৰিলক্ষিত হৈছে ৷

বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ বৰবৰীত মহিলাসকলক লৈ ইউপিপিএল দলে নিৰ্বাচনী প্ৰচাৰ কৰে ৷ নিৰ্বাচনী সভাত ভাষণ ৰাখে কেন্দ্ৰীয় ইউপিপিএল দলৰ মহিলা শাখাৰ সভানেত্ৰী বিনা বৰগয়াৰীয়ে ৷ তেওঁ মহিলাসকলৰ আগত কয় যে মহিলাসকলে দেশৰ শাসনকৰ্তা,মহিলাই সমাজ সংস্কাৰ কৰিব পাৰে ৷ বিটিএডিত বিপিএফ চৰকাৰে সোতৰ বছৰে শাসন চলালে কিন্তু মহিলাসকলৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা নকৰিলে ৷ তেওঁ বড়ো মহিলা কল্যাণ পৰিষদ (আবৌফ)ক সমালোচনা কৰি কয় যে হাগ্ৰামা মহিলাৰীয়ে যি কয় তাকে শুনে বুলিও আক্ষেপ কৰে সভানেত্ৰী গৰাকীয়ে ৷

ইউপিপিএল দলৰ নিৰ্বাচনী সভাত ভাষণ ৰাখে এবছুৰ প্ৰাক্তন উপসভাপতি ৰোমিঅ’ পি নাৰ্জাৰীয়ে ৷ তেওঁ ভাষণত কয় যে বিটিএডিৰ ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে ৷ আমি ৰাইজৰ আশাক বাস্তৱত পৰিণত কৰিম ৷ আমাৰ প্ৰথম কাম হ'ব ভিচিডিচিৰ সদস্যসকলক নিৰ্বাচনৰ যোগেদি মনোনীত কৰাৰ ব্যৱস্থা কৰিব বুলি কয় নাৰ্জাৰীয়ে ৷

লগতে পঢ়কঃ কলিয়াবৰত দ‍্য কৰবেট্ ফাউণ্ডেশ‍্যনৰ কৃষকলৈ সাহায‍্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.