বাক্সা,১৭ চেপ্তেম্বৰ: বাক্সাৰ মুছলপুৰত ইউপিপিএল ব্লক সমিতিৰ গুৰুতৰ অভিযোগ । ভিচিডিচিৰ সৈতে চৰকাৰী কোনো আঁচনিৰ কামতে বাক্সা খণ্ড উন্নয়ণ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰে । আজিলৈকে কোনো আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো ভিচিডিচিৰ সৈতে আলোচনা কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ইউপিপিএলৰ মুছলপুৰ ব্লক সমিতিয়ে(Development Officer is accused of not cooperating) ।
শনিবাৰে সন্ধিয়া বৰিমুখস্থিত চনবাৰীখুটী ভিচিডিচি কাৰ্যালয়ৰ প্ৰাংগণত আয়োজিত সংবাদ মেলত ইউপিপিএল দলৰ মুছলপুৰ ব্লক সমিতিৰ সভাপতি বাপন বসুমতাৰীয়ে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে(UPPL Block Committee Press Conference in Musalpur) । তেঁও কয় যে চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ প্ৰ পত্ৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতো বাক্সা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ গ্ৰাম সেৱক নিৰেণ ৰাভাই ভিচিডিচিক খবৰ নকৰাকৈয়ে একাংশ লোকৰ পৰা প্ৰ-পত্ৰ গ্ৰহণ কৰিছে ।
ইয়াতে ক্ষুন্ন হৈ মুছলপুৰ ব্লক ইউপিপিএল সমিতিৰ সদস্যই বাক্সা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ পৰা হিতাধিকাৰীয়ে পুৰণ কৰা বৃদ্ধ আৰু বিধবা পেঞ্চন আঁচনিৰ ৮৪ খন প্ৰ পত্ৰ জব্দ কৰি আনে বুলি সংবাদমেলত সদৰি কৰে । বাক্সা খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ভিচিডিচিক কোনো কামতে সহযোগ নকৰা আৰু অবগত নকৰাৰ বিষয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যক অভিযোগ কৰিব বুলি সংবাদ মেলযোগে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: মাজুলীত বিশ্বকৰ্মা পূজা পালন