বাক্সা, 30 জুলাই: সাহস আৰু সাৱধান হৈ থাকিলে ক’ভিডৰ বিৰুদ্ধে জয়ী হোৱাটো সম্ভৱ এই কথা প্ৰমাণ কৰিলে বাক্সাৰ দুই আৰক্ষী জোৱানে ৷ বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ কনিষ্ঠবল আকবৰ আলী খান আৰু বৰমা আৰক্ষী থানৰ গৃহৰক্ষী বাহিনীৰ জোৱান মনোহৰ কলিতাৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷
এই দুই আৰক্ষী কৰ্মীক মুছলপুৰ অসামৰিক চিকিৎসালয়ত 7 দিন ৰাখি পিচত যাবলৈ দিয়া হৈছিল হ’মকোৱাৰেণ্টাইনত ৷ কিন্তু অৱশেষত সোমবাৰে দুয়োজনে ক’ভিড বিৰুদ্ধে জয় লাভ পুনৰ নিয়োজিত হয় নিজ কৰ্তব্যত ৷
এই সন্দৰ্ভত দুই আৰক্ষী জোৱানে চিকিৎসালয়ত থাকি পোৱা সা-সুবিধাৰ কথা ব্যক্ত কৰি মঙলবাৰৰ পৰা নিজ-নিজ আৰক্ষী থানাত উৎসাহেৰে পূৰ্বৰ দৰে কৰ্তব্যত যোগদান কৰাৰ কথা সদৰি কৰে ৷ সাহস আৰু নীতি নিয়ম পালন কৰি ক’ভিডৰ বিৰুদ্ধে জয়ী হ’ব পাৰি বুলি কয় আৰোগ্য লাভ কৰা আৰক্ষীৰ জোৱান দুজনে ৷
সোমবাৰে তেওঁলোকক বাক্সা জিলা আৰক্ষী অধীক্ষকে কাৰ্যালয়ত ফুলাম গামোচা আৰু জাপিৰে সম্বোৰ্ধনা জনাই কৰ্তব্য কৰাত উৎসাহ প্ৰদান কৰে ৷
লগতে চাওক-NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা